মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাঙত নাঙলভঙা নৈত যাত্ৰীসহ বুৰিল নাও, কথমপি প্ৰাণৰক্ষা ৩০জনতকৈও অধিক যাত্ৰীৰ

চিৰাঙত নাঙলভঙা নৈত যাত্ৰীসহ বুৰিল নাও, কথমপি প্ৰাণৰক্ষা ৩০জনতকৈও অধিক যাত্ৰীৰ

News18 Assam | News18-Assam
Updated:August 17, 2021, 11:22 AM IST
চিৰাঙত নাঙলভঙা নৈত যাত্ৰীসহ বুৰিল নাও, কথমপি প্ৰাণৰক্ষা ৩০জনতকৈও অধিক যাত্ৰীৰ
স্থানীয় ৰাইজৰ তৎপৰতাত শিশু-মহিলাসহ প্ৰায় ত্ৰিশগৰাকী যাত্ৰীক সৌভাগ্যক্ৰমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

স্থানীয় ৰাইজৰ তৎপৰতাত শিশু-মহিলাসহ প্ৰায় ত্ৰিশগৰাকী যাত্ৰীক সৌভাগ্যক্ৰমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

  • Share this:
চিৰাঙত অঘটন৷ নাঙলভঙা নৈত সংঘটিত নাও দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা শিশু- মহিলাসহ ত্ৰিশগৰাকীতকৈ অধিক যাত্ৰী৷ টুলুঙা নাৱেৰে খৰস্ৰোতা নৈখন পাৰ হোৱাৰ সময়তে মাজত বুৰ যোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজৰ তৎপৰতাত শিশু-মহিলাসহ প্ৰায় ত্ৰিশগৰাকী যাত্ৰীক সৌভাগ্যক্ৰমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

অৱশ্য নাওত থকা বাইক স্থানীয় লোকসকলে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। নৈখনৰ ওপৰত দলং নথকাৰ বাবে বৃহত্তৰ এলেকাৰ লোকসকলে দীৰ্ঘদিনে নাৱেৰে বিপদসংকুল যাতায়াত কৰি আহিছে৷ পাৰঘাটৰ লেচীয়ে নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ পিছতো যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ অধিক ভাৰা আদায় কৰি বিপদজনকভাৱে  চলাচল অব্যাহত ৰখা বুলি স্থানীয় লোকসকলে অভিযোগ কৰে৷
Published by: Sanjay Kumar Das
First published: August 17, 2021, 11:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি