• Home
  • »
  • News
  • »
  • assam
  • »
  • Boat Accident : গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা, কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আহি আছিল নাওখন

Boat Accident : গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা, কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আহি আছিল নাওখন

দুৰ্ঘটনা সংঘটিত হোৱা নাওখন সুকলমে উদ্ধাৰ হয় যদিও নাওখনৰ গৰাকী চিনাক্ত হোৱা নাই ৷

দুৰ্ঘটনা সংঘটিত হোৱা নাওখন সুকলমে উদ্ধাৰ হয় যদিও নাওখনৰ গৰাকী চিনাক্ত হোৱা নাই ৷

দুৰ্ঘটনা সংঘটিত হোৱা নাওখন সুকলমে উদ্ধাৰ হয় যদিও নাওখনৰ গৰাকী চিনাক্ত হোৱা নাই ৷

  • Share this:
নিশাৰ এন্ধাৰত গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ আলিকাষ পাৰ ঘাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ নাওৰ তলি ফুটাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়।

যন্ত্ৰচালিত নাওখন কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আহি আছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, নাওখনত ২২ টা গৰু আৰু কেইবাজনো লোক আছিল ৷

বৰ্তমানলৈকে কোনো যাত্ৰী হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই ৷ অৱশ্য নাওখনত থকা কেইবাটাও গৰু অদ্যাপি বিচাৰি পোৱা যোৱা নাই ৷

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱা নাওখন সুকলমে উদ্ধাৰ হয় যদিও নাওখনৰ গৰাকী চিনাক্ত হোৱা নাই ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি