• Home
  • »
  • News
  • »
  • assam
  • »
  • ‍Boat Accident : পুনৰ নাও দুৰ্ঘটনা, বিদ্যালয়ৰ শিক্ষাৰ্থী কঢ়িয়াই অনা নাও ডুব গ'ল পানীত

‍Boat Accident : পুনৰ নাও দুৰ্ঘটনা, বিদ্যালয়ৰ শিক্ষাৰ্থী কঢ়িয়াই অনা নাও ডুব গ'ল পানীত

File Photo

File Photo

সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰা শিক্ষাৰ্থীসকলক দেখি আতংকিত স্থানীয় দিলে কান্দি

  • Share this:
ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ এক ভয়ংকৰ নাও দুৰ্ঘটনা। ধুবুৰীৰ হাওৰাৰপাৰ অঞ্চলৰ খোদাৰচৰ এম ই মাদ্ৰাছা আৰু শোনাৰাম পাটামাৰী হাইস্কুলৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে স্কুল ছুটীৰ পিছত ঘৰলৈ যাত্ৰা কৰে নদী পথেৰে।

কিন্তু হঠাৎ যন্ত্ৰচালিত নাওখন আধা বাটতেই ডুব যাবলৈ ধৰে। ফলত শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি চিঞৰ-বাখৰ, হাহাকাৰময় পৰিস্থিতিৰ।

স্থানীয় একাংশ ৰাইজৰ তৎপৰতাত সকলো ছাত্ৰ-ছাত্ৰীক সুকলমে উদ্ধাৰ কৰা হয়।
যদিও ইয়াৰে কেইজনমান শিক্ষাৰ্থী আহত হয়। ইয়াৰে দুগৰাকী ছাত্ৰীক গুৰুতৰ অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

সৌভাগ্যক্ৰমে কথমপি প্ৰাণ ৰক্ষা পৰা শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰি নৈৰ পাৰত অনাৰ পিছত আতংকিত হৈ কান্দোনত ভাগি পৰে। স্থানীয় ৰাইজৰ তৎপৰতাত আটাইকেইজনক উদ্ধাৰ কৰে যদিও ঘটনাস্থলীত খবৰ পোৱাৰ পিছতো উপস্থিত নহ'ল আৰক্ষী প্ৰশাসন।
Published by:Gautam Barman
First published: