• Home
  • »
  • News
  • »
  • assam
  • »
  • ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা, নাওঁ দুৰ্ঘটনাত নিখোঁজ ধুবুৰীৰ চক্ৰ বিষয়াৰ লগতে কেইবাজনো লোক!

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা, নাওঁ দুৰ্ঘটনাত নিখোঁজ ধুবুৰীৰ চক্ৰ বিষয়াৰ লগতে কেইবাজনো লোক!

ধুবুৰী চক্ৰ বিষয়া সঞ্জু দাসৰ নেতৃত্বত তিনিজনীয়া এটা দলে আমিনেৰ চৰ অঞ্চলত ফিল্ড ভেৰিফিকেচন কৰিবলৈ গৈছিল।

  • Share this:
ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা। নাওঁ দুৰ্ঘটনাত নিখোঁজ ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস। সন্ধানহীন আন কেইবাজনো যাত্ৰী। ভাসানীৰ চৰত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা। ২০ জনৰো অধিক যাত্ৰী আছিল নাওখনত। উদ্ধাৰ অভিযানত নামিছে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু আৰক্ষী।

প্ৰাপ্ত তথ্য মতে, ধুবুৰী চক্ৰ বিষয়া সঞ্জু দাসৰ নেতৃত্বত তিনিজনীয়া এটা দলে আমিনেৰ চৰ অঞ্চলত ফিল্ড ভেৰিফিকেচন কৰিবলৈ গৈছিল। ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ কাম চলি থকা আয়ৰনজংলাত সংঘটিত হয় দুৰ্ঘটনাটো।

চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা দলটোত আছিল চক্ৰ বিষয়া সঞ্জু দাস, লাট মণ্ডল নমেজ উদ্দিন আৰু পিটাৰ নামৰ এগৰাকী সহকাৰী কৰ্মচাৰী। আমিনেৰ চৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় নাও দুৰ্ঘটনা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি