বিশ্ব হস্তী দিৱসঃ কাজিৰঙাত দৃষ্টিহীন কৃ্ষ্ণাৰ প্ৰত্যাহ্বানৰ মাজেৰে জীৱন

বৰ্তমানেও সৱল সুঠাম দেহৰ অধিকাৰী ৪৮ বছৰীয়া কৃষ্ণা ৷ ইয়াৰ মাজতো কৃষ্ণাৰ দৃষ্টিহীনতাই যেন তাইৰ জীৱন কৰিছে দুৰ্বিসহ ৷ কাৰণ মুক্ত বিচৰণত বাধা অহা কৃষ্ণা এতিয়া নিসংগ ৷
বৰ্তমানেও সৱল সুঠাম দেহৰ অধিকাৰী ৪৮ বছৰীয়া কৃষ্ণা ৷ ইয়াৰ মাজতো কৃষ্ণাৰ দৃষ্টিহীনতাই যেন তাইৰ জীৱন কৰিছে দুৰ্বিসহ ৷ কাৰণ মুক্ত বিচৰণত বাধা অহা কৃষ্ণা এতিয়া নিসংগ ৷
- News18 Assam
- Last Updated: August 12, 2020, 10:50 AM IST
বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰা প্ৰতিপালিত কৃষ্ণা ৷ দুৰ্ভাগ্য জনক ভাৱে ৪৮ বছৰ বয়সত ভৰি দিয়া কৃষ্ণাই প্ৰায় ১৫ বছৰ পূৰ্বে হেৰুৱাই পেলাইছে সম্পুৰ্ণ দৃষ্টি শক্তি ৷ সুদীৰ্ঘ প্ৰায় ৩০ টা বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ কৰ্ত্তব্যত নিয়োজিত কৃষ্ণা।
বিভাগীয় নিয়ম অনুসৰি ষাঠি বছৰ বয়সত কৰ্তব্যৰ পৰা অৱসৰ দিয়া হয় যদিও দৃষ্টিহীনতাৰ বাবে আগতীয়াকৈ অৱসৰ দিয়া হল কৃষ্ণাক ৷ অৱশ্যে অৱসৰ দিলেও চিকিৎসা তথা খাদ্য যোগানকে ধৰি যাবতীয় সকলো ব্যৱস্থা অটুত ৰাখিছে বন বিভাগে ৷ প্ৰথমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত আৰু পাছলৈ বাগৰি বনাঞ্চলত কৰ্ত্তব্যত নিয়োগ কৰা কৃষ্ণাক বহু চিকিৎসা কৰিও বিফল হল বন বিভাগ ৷
বৰ্তমানেও সৱল সুঠাম দেহৰ অধিকাৰী ৪৮ বছৰীয়া কৃষ্ণা ৷ ইয়াৰ মাজতো কৃষ্ণাৰ দৃষ্টিহীনতাই যেন তাইৰ জীৱন কৰিছে দুৰ্বিসহ ৷ কাৰণ মুক্ত বিচৰণত বাধা অহা কৃষ্ণা এতিয়া নিসংগ ৷
Bitupan Borah, Kaziranga