চৰকাৰী ব্যৱস্থাযোগে ন্যূনতম সমৰ্থিত মূল্যত ক্ৰয় কৰা ধানৰ পৰা প্ৰস্তুত কৰা তথা খাদ্য সুৰক্ষা আইনৰ অধীনত বিতৰণ কৰিবলগীয়া চাউলত পুষ্টিদায়ক উপাদান সংযোগ (Blending of Fortified Rice Kernel in Milled Rice) ব্যৱস্থাৰ আজি ৰাজ্যখনৰ বাবে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
আজি দৰং জিলাৰ খাৰুপেটীয়াত বিনায়ক এগ্ৰ' নামৰ ধান বনা মিলৰ ব্লেণ্ডিং মেচিন মুকলি কৰি মন্ত্ৰী দাসে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰজুৰি প্ৰৱৰ্তন কৰা এই ব্যৱস্থা আজিৰে পৰা অসমতো পৰ্যায়ক্ৰমে আৰম্ভ কৰা হ'ব ৷ তেওঁ লগতে কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শন আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয় আঁচনিখন অধিক কাৰ্যকৰী ৰূপে ৰূপায়ণ কৰিবলৈ লোৱা হৈছে ৷
২০২২-২৩ বৰ্ষত ৰাজ্যখনত এই আঁচনিৰ জৰিয়তে ৩ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰা হৈছে ৷ যোৱা বছৰ এই সময়ছোৱাত ক্ৰয় কৰা ধানৰ পৰিমানতকৈ ই যথেষ্ট বেছি ৷ চলিত বছৰত চৰকাৰে আৰু অধিক পৰিমাণৰ ধান কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ক্ৰয় কৰিব পাৰিব বুলি মন্ত্ৰী দাসে সদৰি কৰি ৷ ফ'ৰটিফাইড ৰাইচ কাৰ্ণেলৰ ব্লেণ্ডিংৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী দাসে কয় যে, পুষ্টিদায়ক উপাদানযুক্ত এনেধৰণৰ চাউলৰ পৰা সৰ্বসাধাৰণ ৰাইজ উপকৃত হোৱাৰ লগতে ৰাজ্যখনৰ চাউলৰ চাহিদা অসমৰ বাহিৰতো বৃদ্ধি পাব ৷ আগতে সাধাৰণ নিমখ আছিল, কিন্তু চৰকাৰে ৰাইজৰ স্বাস্থ্যৰ কথা ভাৱি সেই নিমখত আয়'ডিন মিহলাই দিলে আৰু এই আয়'ডিন মিহলাই দিয়াৰ পিছত সাধাৰণ নিমখৰ ঠাইত হ'লগৈ আয়'ডাইজ চল্ট বা আয়'ডিনযুক্ত নিমখ ৷ ঠিক সেইদৰে চাউলৰ ক্ষেত্ৰতো এই একেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
আজিৰ অনুষ্ঠানত মন্ত্ৰী দাসৰ সৈতে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, খাদ্য আৰু অসামৰিক যোগান নিগমৰ পৰিচালন সঞ্চালক দিগন্ত দাস, জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেকে আদিকে ধৰি ভালেসংখ্যক বিষয়া উপস্থিত থাকে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 04, 2023, 21:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।