মুখ্যপৃষ্ঠা »খবৰ »অসম »বঙাইগাঁৱৰ শিলঘাগিৰি পাহাৰত ভয়ংকৰ বিস্ফোৰণ, আহত কেইবাজনো শ্ৰমিক!

বঙাইগাঁৱৰ শিলঘাগিৰি পাহাৰত ভয়ংকৰ বিস্ফোৰণ, আহত কেইবাজনো শ্ৰমিক!

কোৱেৰীৰ মালিকপক্ষই আহত শ্ৰমিকসকলক গোপন স্থানত লুকুৱাই ৰাখি ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

কোৱেৰীৰ মালিকপক্ষই আহত শ্ৰমিকসকলক গোপন স্থানত লুকুৱাই ৰাখি ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

কোৱেৰীৰ মালিকপক্ষই আহত শ্ৰমিকসকলক গোপন স্থানত লুকুৱাই ৰাখি ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

  • Share this:
বঙাইগাঁৱৰ শিলঘাগিৰি পাহাৰত ভয়ংকৰ বিস্ফোৰণ৷ পাহাৰখনৰ কোৱেৰীত ৰহস্যজনকভাৱে সংঘটিত হোৱা বিস্ফোৰণত কেইবাজন শ্ৰমিক আহত হয়৷  পাহাৰখনৰ ২নং কোৱেৰীত গোপনে লুকুৱাই ৰখা বিস্ফোৰক সামগ্ৰী হঠাতে বিস্ফোৰিত হোৱাৰ ফলত আহত হয় কেইবাজনকৈ শ্ৰমিক৷ প্ৰচণ্ড বিস্ফোৰণত সমগ্ৰ অঞ্চল কঁপি উঠা পৰিলক্ষিত হয়৷

ইফালে, কোৱেৰীৰ মালিকপক্ষই আহত শ্ৰমিকসকলক গোপন স্থানত লুকুৱাই ৰাখি ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ কোৱেৰীত কৰ্মৰত শ্ৰমিকে জানিবলৈ দিয়া মতে, প্ৰায় তিনিদিন পূৰ্বে বিভাগীয় অনুমতি সাপেক্ষে কোৱেৰীত বিস্ফোৰণ সংঘটিত হৈছিল৷ কিন্তু আজি কোৱেৰীত কাৰ্টন তথা কাগজ কিছু জ্বলাই দিয়াৰ সময়তে ভয়ংকৰ শব্দৰে বিস্ফোৰণ সংঘটিত হয়৷ ইতিমধ্যে আৰক্ষীৰ লোক উপস্থিত হৈ আহত লোকৰ শুংসূত্ৰ বিচাৰিলেও কোৱেৰীৰ মালিকে ঘটনাটো গোপনে ৰখাৰ চেষ্টা চলাই সহযোগিতাৰ পৰা বিৰত আছে৷

আনহাতে, আহত শ্ৰমিকসকলৰ পৰিয়ালৰ লোকক বৰ্তমানলৈ কোৱেৰীৰ তৰফৰ পৰা কোনো কথা নজনোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আহত হোৱা বাতৰি ইকাণে সিকাণে শুনিলেও পৰিয়ালৰ লোকসকলে বৰ্তমানলৈ সঠিক খবৰ লাভ নকৰাত উৎকণ্ঠিত হৈ পৰিছে৷ পৰিয়ালৰ লোকসকলে আহতসকলৰ সঠিক খবৰ প্ৰদান কৰাৰ বাবে অনুৰোধ জনাইছে৷ কোৱাৰীটোত সংঘটিত অবৈধ বিস্ফোৰণকাণ্ডৰ তদন্তৰ দাবী জনাইছে স্থানীয় লোকসকলে৷

শেহতীয়া বাতৰি