সুৰাৰ বিপণীত কৰিছিল ধনদাবী! আৰক্ষীৰ জালত পৰিল নিবনুৱা পৰিষদৰ সভাপতিসহ দুজন ভুৱা সাংবাদিক

News18 Assam | News18-Assam
Updated:January 6, 2021, 5:33 PM IST
সুৰাৰ বিপণীত কৰিছিল ধনদাবী! আৰক্ষীৰ জালত পৰিল নিবনুৱা পৰিষদৰ সভাপতিসহ দুজন ভুৱা সাংবাদিক
শিৱসাগৰত এইবাৰ ধন দাবী কৰি ধৰা পৰিল সংগঠনৰ নেতা।

শিৱসাগৰত এইবাৰ ধন দাবী কৰি ধৰা পৰিল সংগঠনৰ নেতা।

  • Share this:
শিৱসাগৰত এইবাৰ ধন দাবী কৰি ধৰা পৰিল সংগঠনৰ নেতা। শিৱসাগৰ আৰক্ষীৰ জালত পৰিছে নিবনুৱা সুৰক্ষা পৰিষদৰ জিলা সভাপতি অপূৰাজ ওৰফে অপূৰ্ব শৰ্মা। এখন দেশীয় সুৰাৰ বিপণীত এক লাখ টকা ধন দাবী কৰিছিল আমগুৰি সমষ্টিৰ বামুণ পুখুৰীৰ অপূৰ্ব শৰ্মাই। লগত আছিল দুজন ভুৱা সাংবাদিক। দুই ভুৱা সাংবাদিকে সংবাদ মাধ্যমৰ নামতো কৰিছিল ধনদাবী।

উল্লেখযোগ্য যে, শিৱসাগৰৰ চাৰিঙৰ এখন দেশীয় সুৰাৰ বিপণীত বিদেশী সুৰা বিচাৰি অভিযান চলাইছিল নিবনুৱা পৰিষদৰ সভাপতিসহ দুই সাংবাদিকে। কিন্তু লগত নাছিল কোনো আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী।

মঙলবাৰে পূৰ্ব-পৰিকল্পিত ভাবে শিৱসাগৰ নগৰৰ মাজমজিয়াত ধন নিবলৈ আহিছিল শৰ্মা এণ্ড কোম্পানী। আৰু তাতেই শিৱসাগৰ আৰু গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে তিনিওজনকে।ব্লেকমেইলিঙৰ ঘটনাত জড়িত দুই সাংবাদিকৰ নাম  ৰিণ্টু শেনচোৱা আৰু চন্দন গগৈ বুলি জানিব পৰা গৈছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত।
Published by: Himangshu Bhuyan
First published: January 6, 2021, 5:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি