• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ ‘মিছন বসুন্ধৰা’ৰ নামত ৰমৰমীয়া বেহা, নিৰ্ধাৰিত মূল্যতকৈ দুগুণ দামত বিক্ৰী ষ্টাম্প পেপাৰ

এইবাৰ ‘মিছন বসুন্ধৰা’ৰ নামত ৰমৰমীয়া বেহা, নিৰ্ধাৰিত মূল্যতকৈ দুগুণ দামত বিক্ৰী ষ্টাম্প পেপাৰ

ৰাজ্যৰ আন জিলাসমূহৰ সমান্তৰালকৈ হাইলাকান্দি জিলাতো আৰম্ভ হৈছে মিছন বসুন্ধৰাৰ অধীনৰ ভূমিৰ নাম জাৰিৰ কাম। কিন্তু নাম জাৰিৰ বাবে ব্যবহৃত ষ্টাম্প (Non judicial stamp) পেপাৰ বিক্ৰয়ৰ নামত হাইলাকান্দিত আৰম্ভ হৈছে এক বৃহৎ ক’লা বেহা।

  • Share this:
ৰাজ্যত ভূমি ক্ৰয়–বিক্ৰয় ব্যবস্থাত দালালৰাজ বন্ধ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে "মিছন বসুন্ধৰা" নামৰ এক অভিলাষী আঁচনি। এই আঁচনিৰ জৰিয়তে অহা ৩০ নৱেম্বৰৰ ভিতৰত যিসকল লোকৰ ভূমি সম্পৰ্কীয় কাম–কাজ বাকী আছে, সেইসমূহ সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি দিছে ৰাজ্য চৰকাৰে। কিন্তু ৰাজ্য চৰকাৰে দালালৰাজ বন্ধ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা আঁচনিয়ে জন্ম দিছে আন এক প্ৰকাৰৰ দালালৰ।

ৰাজ্যৰ আন জিলাসমূহৰ সমান্তৰালকৈ হাইলাকান্দি জিলাতো আৰম্ভ হৈছে মিছন বসুন্ধৰাৰ অধীনৰ ভূমিৰ নাম জাৰিৰ কাম। কিন্তু নাম জাৰিৰ বাবে ব্যবহৃত ষ্টাম্প (Non judicial stamp) পেপাৰ বিক্ৰয়ৰ নামত হাইলাকান্দিত আৰম্ভ হৈছে এক বৃহৎ ক’লা বেহা। হাইলাকান্দি জিলাত এতিয়া সাধাৰণ ৰাইজে ৫০ টকা মূল্যৰ 'নন জুডিচিয়েল ষ্টাম্প' কিনিব লগা হয় ১০০ টকাত। ১০০ টকা মূল্যৰ ষ্টাম্প বিক্ৰী হয় ২০০ টকাত। অৰ্থাৎ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ দুগুন দামত বিক্ৰী হৈছে ষ্টাম্প পেপাৰ।

এগৰাকী সচেতন লোকে হাইলাকান্দি জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত থকা ছালাম উদ্দিন বড়ভূঞা নামৰ এগৰাকী ষ্টাম্প পেপাৰ বিক্ৰেতাৰ পৰা ষ্টাম্প ক্ৰয় কৰাৰ সময়তে গোপন কেমেৰাত ৰেকৰ্ড হয় এই বে–আইনী কামৰ সকলো দৃশ্য।

ইপিনে, ষ্টাম্প পেপাৰত অধিক মূল্য লোৱাৰ বিষয়ে স্থানীয় ৰাইজে হাইলাকান্দিৰ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝাক বাৰে বাৰে অৱগত কৰোৱাৰ পিছতো কোন ব্যবস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: