মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Black Man : বঙাইগাঁৱৰ পিছত এইবাৰ গোৱালপাৰা, কৃষ্ণাইত ক’লা মানুহ বিচাৰি নিশা হাতে হাতে দা, যাঁঠি–জোং লৈ ওলাই আহিল শ শ লোক 

Black Man : বঙাইগাঁৱৰ পিছত এইবাৰ গোৱালপাৰা, কৃষ্ণাইত ক’লা মানুহ বিচাৰি নিশা হাতে হাতে দা, যাঁঠি–জোং লৈ ওলাই আহিল শ শ লোক 

News18 Assam | News18-Assam
Updated:August 2, 2021, 1:39 PM IST
Black Man : বঙাইগাঁৱৰ পিছত এইবাৰ গোৱালপাৰা, কৃষ্ণাইত ক’লা মানুহ বিচাৰি নিশা হাতে হাতে দা, যাঁঠি–জোং লৈ ওলাই আহিল শ শ লোক 
সকলোৰে মুখত এটাই কথা ‘ক’লা মানুহ’৷ আজিলৈকে এই ক’লা মানুহক কোনেও দেখা নাই যদিও এক উৰা বতাৰিয়ে কম সময়ৰ ভিতৰতে গাঁওসমূহলৈ বিয়পি পৰিছে৷

সকলোৰে মুখত এটাই কথা ‘ক’লা মানুহ’৷ আজিলৈকে এই ক’লা মানুহক কোনেও দেখা নাই যদিও এক উৰা বতাৰিয়ে কম সময়ৰ ভিতৰতে গাঁওসমূহলৈ বিয়পি পৰিছে৷

  • Share this:
বঙাইগাঁৱৰ পৰা গোৱালপাৰা পালেহি ক’লা মানুহৰ আতংক। কৃষ্ণাইত ক’লা মানুহ বিচাৰি হাতে হাতে দা, যাঁঠি-জোং লৈ নিশাৰ ৰাজপথলৈ ওলাই আহিল শ শ লোক৷ এয়া মাথোঁ উৰা-বাতৰিহে, ৰাইজক সংযম হ’বলৈ আহ্বান দুধনৈ আৰক্ষীৰ৷

হাতে হাতে দা, যাঁঠি–জোং লৈ কৃষ্ণাইৰ ৰাজপথলৈ ওলাই আহিল শ শ লোক ৷ যোৱা কেইবাদিনো ধৰি বঙাইগাঁৱৰ গাঁৱে-ভূঞে ক’লা মানুহৰ আতংক চলি থকাৰ মাজতে এইবাৰ এই ক’লা মানুহৰ আতংক বিয়পিল গোৱালপাৰালৈও৷ ক’লা মানুহ বিচাৰি এতিয়া ওৰে নিশা বিনিদ্ৰ ৰজনী কটাইছে গোৱালপাৰাৰ কেইবাখনো গাঁৱৰ ৰাইজে৷ নিশা হ’লেই ক’লা মানুহৰ আতংকত আতংকিত হৈ পৰে ৰাইজ। এই ক’লা মানুহৰ সন্ধানত কৃষ্ণাইত ওলাই আহিল বহু লোক৷

সকলোৰে মুখত এটাই কথা ‘ক’লা মানুহ’৷ আজিলৈকে এই ক’লা মানুহক কোনেও দেখা নাই যদিও এক উৰা বতাৰিয়ে কম সময়ৰ ভিতৰতে গাঁওসমূহলৈ বিয়পি পৰিছে৷ যাৰ বাবে ৰাইজক উৰা বাতৰিক বিশ্বাস নকৰিবলৈ দুধনৈ আৰক্ষীয়ে হাতত লৈছে এক পদক্ষেপ৷ ৰাজহুৱা স্থানৰ লগতে গাঁৱে গাঁৱে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল মহন্তই মাইকেৰে সকলোকে আহ্বান কৰিছে যে, “ কোনো ক’লা মানুহ নাই, এয়া মাথোঁ উৰা বাতৰিহে, উৰা বাতৰিক বিশ্বাস নকৰিব, একাংশ দুষ্ট লোকে এই উৰা বাতৰি সমূহ বিয়পাই নিজৰ নিকৃষ্ট স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে। ক’ৰবাত কিবা দেখিলে ৰাইজে যাতে আইন হাতত তুলি নলয় আৰু লগে লগে যাতে আৰক্ষীক খবৰ দিয়ে। এই ক্ষেত্ৰত আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব৷”
Published by: Sanjay Kumar Das
First published: August 2, 2021, 1:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি