সান্ধ্য আইনৰ মাজতে বঙাইগাঁৱত নিশা ৰাজপথলৈ ওলাই আহিল শ শ লোক৷ ক’লা মানুহৰ সন্দেহত ৰাইজে আটক কৰিলে তিনিটাকৈ গভাইত চোৰক৷ উত্তৰ বঙাইগাঁৱৰ কচাইপট্টিত নিশা এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
উল্লেখযোগ্য যে বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত ক’লা মানুহৰ আতংক চলি থকাৰ ফলত স্থানীয় ৰাইজে নিজ নিজ অঞ্চলত পহৰাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ মাজতে নিশা ৰে’লৱে কলনীৰ কাৰ্লভাৰ্ট এটাৰ তলত কেইজনমান যুৱকে সোমাই থকা স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰে৷ স্থানীয় লোকসকলে যুৱক কেইজনক কৰায়ত্ত কৰাৰ চেষ্টা চলায় যদিও পলায়ন কৰে৷ লগে লগে অঞ্চলটোত ক’লা মানুহ ওলোৱা বুলি চিঞৰ-বাখৰ লাগে আৰু খেদি খেদি গৈ তিনিওজনকে কৰায়ত্ত কৰে ৰাইজে৷
পৰৱৰ্তী সময়ত আৰক্ষীৰ লোক উপস্থিত হৈ তিনি যুৱকক থানালৈ নিয়ে৷ আৰক্ষীয়ে ধৃত যুৱক তিনিজন গেভাইত চোৰ বুলি জানিবলৈ দিয়াৰ লগতে উৰা বাতৰিক গুৰুত্ব নিদিবলৈ আহ্বান জনায়৷
ইফালে বঙাইগাঁৱত ক’লা মানুহৰ আতংক বিয়পি পৰাৰ ফলত জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে এনে উৰা বাতৰিত গুৰুত্ব প্ৰদান নকৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনোৱা পৰিলক্ষিত হৈছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 25, 2021, 09:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।