বঙাইগাঁৱত পুনৰ ব্লেকমেনৰ আতংক৷ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত দৰকিণামাৰীত নিশা উত্তপ্ত পৰিস্থিতি। ব্লেকমেনৰ সন্দেহত এজন লোকক প্ৰহাৰ একাংশ লোকৰ। বিশেষভাৱে সক্ষম লোকজনক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। আহত লোকজনক অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।
লোকজনৰ পৰা ব্লেড আৰু কেঁচি উদ্ধাৰ হোৱাৰ পিছতে একাংশ লোক উত্তেজিত হৈ পৰে। হাতে হাতে দা–লাঠি লৈ ওলাই আহে একাংশ লোক।
প্ৰশাসনৰ নিৰ্দেশনাৰ পিছতো জিলাখনত উৰাবাতৰিৰ প্ৰভাৱ মাৰ যোৱা নাই। ইতিমধ্যে সামাজিক মাধ্যমত ক’লা মানুহৰ আতংক বিয়পোৱাৰ অপৰাধত পাঁচজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকল ক্ৰমে নিকুঞ্জ ৰায়, হিতেশ্বৰ আৰ্য, বিশ্বনাথ আৰ্য, শ্যাম কুমাৰ আৰ্য আৰু কিশোৰ ৰায় বুলি জানিব পৰা গৈছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 26, 2021, 10:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।