• Home
  • »
  • News
  • »
  • assam
  • »
  • Black Magic : ঘৰৰ ভিতৰত গাঁত খান্দি কৰিছিল তন্ত্ৰ-মন্ত্ৰ। তান্ত্ৰিক দম্পতীসহ আটক সাতজন। গাঁতত উদ্ধাৰ জীব-জন্তুৰ শৱদেহ।

Black Magic : ঘৰৰ ভিতৰত গাঁত খান্দি কৰিছিল তন্ত্ৰ-মন্ত্ৰ। তান্ত্ৰিক দম্পতীসহ আটক সাতজন। গাঁতত উদ্ধাৰ জীব-জন্তুৰ শৱদেহ।

সোণাৰিত নিজৰ ঘৰতে বৃহৎ আকাৰৰ দ গাঁত খান্দি নিতৌ জীৱ-জন্তু ঈশ্বৰৰ নামত বলি দিয়া তান্ত্ৰিক দম্পতীক গ্ৰেপ্তাৰ। মাজ নিশা তান্ত্ৰিকৰ ওচৰলৈ অহা মহিলাসহ আন ৫জনকো আটক।

  • Share this:

সোণাৰিত নিজৰ ঘৰতে বৃহৎ আকাৰৰ দ গাঁত খান্দি নিতৌ জীৱ-জন্তু ঈশ্বৰৰ নামত বলি দি অহা তান্ত্ৰিক দম্পতীক ৰাইজে পূজা কৰি থকা অৱস্থাতে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে। লগতে নিশা তান্ত্ৰিক দম্পতীৰ  ওচৰলৈ পূজা কৰিবলৈ অহা এগৰাকী মহিলাসহ পাঁচজন লোককো আৰক্ষীয়ে আটক কৰে ।

ঘৰটোৰ ভিতৰত পূজা কৰা গাঁতত উদ্ধাৰ হৈছে বলি দিয়া ক’লা মেকুৰীকে ধৰি আন কেইবাটাও ক’লা জন্তুৰ মৃতদেহ আৰু তন্ত্ৰ-মন্ত্ৰৰ কামত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী।

সোণাৰি নগৰৰ আঠ নং ৱাৰ্ডৰ গেছ গুদামৰ সমীপত পতি-পত্নীহালে নিজৰ ঘৰতে দীৰ্ঘদিন ধৰি মাজ নিশা পূজা-অৰ্চনা কৰি আহিছিল । নিজকে তান্ত্ৰিক আৰু কালি সাধক বুলি পৰিচয় দিয়া দম্পতীৰ ওচৰত নানান বিধান বিচাৰি বহু লোকৰ আগমন ঘটিছিল ।

বৃহস্পতিবাৰে নিশা ঘৰটোৰ পৰা বিকট চিঞৰ-বাখৰ কৰি পূজা-অৰ্চনা কৰি থকা অৱস্থাত ৰাইজে তান্ত্ৰিক স্বামী-স্ত্রীহালৰ লগতে বিধান ল’বলৈ অহা সোণাৰিৰ নতুন মাটিৰ ৰাকেশ তাঁতী , বানফেৰা অঞ্চলৰ অমিত মাল, প্ৰসৱতী তাছা , ৰজাপুখুৰীৰ প্ৰণৱ ডেকা আৰু জৱকা চাহ বাগিচাৰ অভিজিত ছেত্ৰীক আটক কৰি সোণাৰি থানাত খবৰ দিয়ে । পুৱতি নিশা সোণাৰি থানাৰ দল এটা আহি সাতোজনকে আটক কৰি থানালৈ নিয়ে। 
Published by:Manjumoni Borah
First published: