জি এম চি এইচৰ অধ্যক্ষৰ মতে অসমত এতিয়ালৈ প্ৰৱেশ কৰা নাই ব্লেক ফাংগাছ

News18 Assam | News18-Assam
Updated:May 18, 2021, 11:36 PM IST
জি এম চি এইচৰ অধ্যক্ষৰ মতে অসমত এতিয়ালৈ প্ৰৱেশ কৰা নাই ব্লেক ফাংগাছ
এমপোডেচন বি ঔষধৰ দ্বাৰা এই ভাইৰাছবিধ নিৰাময় হয় আৰু এই ঔষধ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত।

এমপোডেচন বি ঔষধৰ দ্বাৰা এই ভাইৰাছবিধ নিৰাময় হয় আৰু এই ঔষধ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত।

  • Share this:

অসমত ব্লেক ফাংগাছ ৰোগৰ প্ৰৱেশক লৈ ইতিমধ্যে ছ'চিয়েল মিডিয়াত চলা তুমুল প্ৰচাৰৰ পিছত জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই স্পষ্ট কৰিলে এই সম্পৰ্কীয় তথ্যৰ বিষয়ে। অধ্যক্ষগৰাকীয়ে এই সন্দৰ্ভত কয় যে বৰ্তমানো অসমতো প্ৰৱেশ কৰা নাই ব্লেক ফাংগাছ। গতিকে ইয়াকে লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে তেওঁ।


অধ্যক্ষগৰাকীয়ে লগতে যদিহে এই ৰোগবিধ অসমত প্ৰৱেশ কৰে, স্বাস্থ্য বিভাগৰ হাতত সম্পূৰ্ণ চিকিৎসা ব্যৱস্থা আছে বুলি জানিবলৈ দিছে। এমপোডেচন বি ঔষধৰ দ্বাৰা এই ভাইৰাছবিধ নিৰাময় হয় বুলি উল্লেখ কৰি তেওঁ এমপোডেচন স্বাস্থ্য বিভাগৰ হাতত মজুত থকা বুলি কয়। উল্লেখ্য, অসমত ব্লেক ফাংগাচৰ দুটা ঘটনা আজি ধৰা পৰা বুলি ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছত জি এম চিএইচৰ অধ্যক্ষ বৈশ্যই এইদৰে  প্ৰকাশ কৰে।

Published by: Gautam Barman
First published: May 18, 2021, 11:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি