মৃত্যু তিথিত স্বামীৰ সমাধিত বাধা! ক’লা পতাকা জোকাৰা আছু সদস্যক গাড়ীৰে মহতিয়াই নিলে বিধায়িকা ৰেণুপমা ৰাজখোৱাই! আছুৰ অভিযোগ

News18 Assam | News18-Assam
Updated:January 20, 2020, 5:35 PM IST
মৃত্যু তিথিত স্বামীৰ সমাধিত বাধা! ক’লা পতাকা জোকাৰা আছু সদস্যক গাড়ীৰে মহতিয়াই নিলে বিধায়িকা ৰেণুপমা ৰাজখোৱাই! আছুৰ অভিযোগ
বিধায়িকাৰ সহযোগীয়ে গাড়ীৰে আছু নেতাক মহতিয়াই হত্যা কৰাৰ চেষ্টা কৰাৰ অভিযোগ আনিছে সদৌ অসম ছাত্ৰ সন্থাই।

বিধায়িকাৰ সহযোগীয়ে গাড়ীৰে আছু নেতাক মহতিয়াই হত্যা কৰাৰ চেষ্টা কৰাৰ অভিযোগ আনিছে সদৌ অসম ছাত্ৰ সন্থাই।

  • Share this:
স্বামী প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ মৃত্যু তিথিত বাধা দিয়াৰ আৰু ক’লা পতাকা জোকাৰাৰ কাৰণে আছু সদস্যক গাড়ীৰে মহতিয়াই নিলে বিধায়িকা ৰেণুপমা ৰাজখোৱাই! এই বিতৰ্কৰ সৃষ্টি হৈছে টীয়কৰ ভগামুখত। বিধায়িকাৰ সহযোগীয়ে গাড়ীৰে আছু নেতাক মহতিয়াই হত্যা কৰাৰ চেষ্টা কৰাৰ অভিযোগ আনিছে সদৌ অসম ছাত্ৰ সন্থাই। 

আছুৰ অভিযোগ অসম গণপৰিষদ যোৰহাট জিলাৰ সাধাৰণ সম্পাদকে এই গুৰুতৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ কৰিছে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগৰ লগতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই। আজি আছিল সিংহপুৰুষ তথা একালৰ সাহসী ছাত্র নেতা,টীয়ক সমষ্টিৰ বিধায়িকাৰ স্বামী প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩০সংখ্যক মৃত্যু তিথি। এইগৰাকী জনপ্ৰিয় নেতাৰ মৃত্যু তিথিত তেওঁৰ সমাধি ক্ষেত্ৰত টীয়ক আৰু শিমলুগুৰি ছাত্ৰ সন্থাই আয়োজন কৰিছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। এই উপলক্ষ্যত স্বামীৰ সমাধিলৈ ৰাওনা হওঁতেই বিধায়িকা গৰাকী মুখামুখি হয় আছু কৰ্মীৰ প্ৰতিবাদৰ। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত নিমাতে থকা বিধায়িকা ৰাজখোৱাই ললিত ৰাজখোৱাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ অধিকাৰ হেৰুৱাইছে বুলি অভিযোগ কৰি পথতেই আছুৰ নেতা–কৰ্মীয়ে বিধায়িকা গৰাকীক আৱদ্ধ কৰি ক'লা পতাকা দেখুৱায়। এই কাৰ্যত ক্ষুব্ধ হৈ পৰে একাংশ অগপ দলীয় কৰ্মী। ইয়াৰ পিছতেই বিধায়িকাৰ লগত থকা অগপৰ যোৰহাট জিলা সম্পাদক বিকাশ বৰাই গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টাৰ অভিযোগ তোলে ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগে। পিছত পৰিস্থিতি নিয়ন্ত্ৰনলৈ অহাৰ পিছত অগপ নেতৃত্বই জননেতাজনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লয়।

(টীয়কৰ পৰা দিগন্ত হাজৰিকাৰ প্ৰতিবেদন)
Published by: Tulika Devi
First published: January 20, 2020, 5:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি