• Home
  • »
  • News
  • »
  • assam
  • »
  • BJP IT CELL : হেৰাইছে! সভাপতিৰ বেয়া দিনত নিৰৱ বিজেপিৰ সামাজিক মাধ্যম

BJP IT CELL : হেৰাইছে! সভাপতিৰ বেয়া দিনত নিৰৱ বিজেপিৰ সামাজিক মাধ্যম

বিজেপিৰ নিৰ্লিপ্ততাত সামাজিক মাধ্যমত শক্তিশালী ৰূপত আত্মপ্ৰকাশ 'আপ অসম'ৰ 

বিজেপিৰ নিৰ্লিপ্ততাত সামাজিক মাধ্যমত শক্তিশালী ৰূপত আত্মপ্ৰকাশ 'আপ অসম'ৰ 

বিজেপিৰ নিৰ্লিপ্ততাত সামাজিক মাধ্যমত শক্তিশালী ৰূপত আত্মপ্ৰকাশ 'আপ অসম'ৰ 

  • Share this:
চৰকাৰ নাথাকোঁতেই হওক বা চৰকাৰ অহাৰ পিছতে হওক এক শক্তিশালী স্থিতি আছিল বিজেপিৰ Social media আৰু IT CELLৰ ৷ কিন্তু আজিৰ তাৰিখত সামাজিক মাধ্যমত পুতৌলগা অৱস্থা ৷ খোদ দলটোৰ সভাপতিকে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ বিজেপিৰ SOCIAL MEDIAটীম ৷

এসময়ত যিকোনো ইছ্যুত সক্ৰিয় ভূমিকা লোৱাৰ বাবে বিজেপিৰ আই টি চেলে 'ভাইটি চেল' নাম পাইছিল আৰু সদস্যসকলে পাইছিল  '১৫০০টকীয়া ভক্ত'ৰ আখ্যা ৷ ২০১৪ত কেন্দ্ৰত আৰু ২০১৬ত ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰ সময়ত অতি শক্তিশালী আছিল বিজেপিৰ IT Cell। বৰ্তমান IT CELLআৰু SOCIAL MEDIA Cell পৃথক ৷ কাম কৰাৰ অধিক সুযোগ পোৱাৰ সত্ত্বেও বিজেপিৰ বৰ্তমানৰ সামাজিক মাধ্যমৰ চৰম উদাসীনতা পুতৌ লগাকৈ প্ৰকাশ পাইছে ৷

বিশেষকৈ দলটোৰ ৰাজ্যিক সভাপতিগৰাকীৰ বিৰুদ্ধে উঠা মহা অভিযোগৰ সময়ত যুদ্ধক্ষেত্ৰত নাই দলটোৰ সামাজিক মাধ্যম ৷ এসময়ত MY BJP MY CMৰে ট্ৰেণ্ড অনাত সফল হোৱা বিজেপিৰ সামাজিক মাধ্যমৰ খোদ বৰ্তমানৰ ৰাজ্যিক আহ্বায়ক পলাশ লাহনেই বেকফুটত ৷ সামাজিক মাধ্যমৰ আহ্বায়কেই লক কৰি ৰাখিছে ফেচবুক প্ৰফাইল ৷ সহঃ আহ্বায়ক ইন্দ্ৰজিৎ তাও, প্ৰদ্যুৎপল শৰ্মা, ললিত শৰ্মা আদিৰ প্ৰফাইলতো নাই নিজৰ সভাপতিক ৰক্ষণাবেক্ষণ দিব পৰাকৈ শক্তিশালী কণ্টেণ্ট ৷

অসম আন্দোলনৰ পিছত ৰাজ্যত হোৱা ভয়ংকৰ 'কা' আন্দোলনৰ সময়ত নিস্তেজ ভূমিকা লোৱা এই সকলৰ হাততে এতিয়া দলটোৰ সামাজিক মাধ্যমৰ গুৰু দায়িত্ব ৷ ইয়াৰ বিপৰীতে ২০১৯ৰ 'কা' আন্দোলনৰ ভৰপক সময়ত কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত বৈঠক কৰা চাৰে তিনিশ সাহসী সামাজিক মাধ্যমৰ যোদ্ধাক এইসকল দায়িত্ববাহীয়ে কৌশলেৰে আঁতৰি যাবলৈ বাধ্য কৰিছে ৷

অকল ইমানেই নহয়, বৰ্তমানৰ সামাজিক মাধ্যমৰ দায়িত্বত থকাসকলে বিজেপিৰ নামত কৰিছে কোনোবাই সৰ্বানন্দ সোণোৱাল, কোনোবাই কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অকল ব্যক্তিপূজাতে ব্যস্ত এতিয়া বিজেপিৰ সামাজিক মাধ্যম ৷ এসময়ত IT CELL আৰু সামাজিক মাধ্যমৰ দায়িত্বত থাকি কাললৈ ভাইটি চেলৰ সদস্য, ১৫শ টকীয়া ভক্ত আখ্যা অৰ্জাসকল এতিয়া অনুতপ্ত ৷ ইয়াৰ বিপৰীতে অসমত কণ্টেণ্টৰ ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে হওক বিজেপিৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে আম আদমী পাৰ্টীৰ সামাজিক মাধ্যমে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি