নলবাৰীৰ বৰ আজাৰা দুৰ্গা মন্দিৰ প্ৰাংগণত চলি আছে বাসন্তী পূজা ৷ বাসন্তী পূজা উপলক্ষে অঞ্চলটোৰ স্থানীয় লোকে দেওবাৰে পৰিৱেশন কৰে এখন নাটক ৷ সকলোৰে উপভোগ্য নাটখনত অভিনয় কৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই।
দীৰ্ঘদিনৰ অন্তত নাট পৰিৱেশন কৰি দৰ্শকক বিজেপি নেতাগৰাকীয়ে আমোদ দিয়ে। উল্লেখ্য যে নাটখন পৰিৱেশনৰ সময়ত দৰ্শকৰ শাৰীত দেখা গ'ল ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ সহধৰ্মিণীক। বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই নাটকত আৰক্ষী ৰূপ লৈ দৰ্শকক দিয়ে আমোদ।
Published by: Gautam Barman
FIRST PUBLISHED : March 28, 2023, 17:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।