• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam BJP : ৮ অক্টোবৰৰ BJPৰ মহাযোগদান কাৰ্যসূচী স্থগিত, কংগ্ৰেছ নেতাৰ সপোন নফলিয়ালে!

Assam BJP : ৮ অক্টোবৰৰ BJPৰ মহাযোগদান কাৰ্যসূচী স্থগিত, কংগ্ৰেছ নেতাৰ সপোন নফলিয়ালে!

বিস্মৃতা গগৈ, অজিত সিং, প্ৰাঞ্জল ঘাটোৱাৰৰ প্ৰথম খোজতেই উজুটি!

বিস্মৃতা গগৈ, অজিত সিং, প্ৰাঞ্জল ঘাটোৱাৰৰ প্ৰথম খোজতেই উজুটি!

বিস্মৃতা গগৈ, অজিত সিং, প্ৰাঞ্জল ঘাটোৱাৰৰ প্ৰথম খোজতেই উজুটি!

  • Share this:
৮ অক্টোবৰত অনুষ্ঠিত নহয় BJPৰ মহাযোগদান কাৰ্যসূচী ৷ বাতিল কৰা হৈছে মহাযোগদানৰ কাৰ্যসূচী ৷ ইয়াৰ বিপৰীতে অহা দীপাৱলীৰ সময়তহে পাঁচ হাজাৰ বিভিন্ন দল-সংগঠন আৰু অৱসৰপ্ৰাপ্ত বিষয়াই যোগদান কৰিবলগীয়া মহাযোগদান অনুষ্ঠানটো অনুষ্ঠিত হ'ব ৷ ইয়াকে লৈ এতিয়া সৰৱ বিৰোধী কংগ্ৰেছ ৷

গুৱাহাটীৰ খানাপাৰা ফিল্ডত আয়োজন হোৱাৰ কথা আছিল শাসকীয় BJPৰ এক মহাযোগদান অনুষ্ঠানৰ ৷ BJPৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া মহাযোগদানত কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী অজিত সিং, বিস্মৃতা গগৈকে প্ৰমুখ্য কৰি বহু নেতাই যোগ দিয়াৰ কথা আছিল ৷ পিছে এতিয়া বাতিল কৰা হৈছে মহাযোগদান ৷ ৮ অক্টোবৰত নহয় মহাযোগদান অনুষ্ঠান ৷ ইয়াৰ সলনি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ'ব ৰাজ্যৰ বুথ কমিটিৰ কাৰ্যকৰ্তাসকলৰ সভাহে ৷

৩৫ হাজাৰ বুথ কমিটীৰ কাৰ্যকৰ্তাই এই সভাত অংশগ্ৰহণ কৰিব ৷ ৮ অক্টোবৰৰ সলনি দীপাৱলীৰ সময়ত অনুষ্ঠিত হ'ব মহাযোগদান অনুষ্ঠানটো ৷ যোগ দিব ৫০০০ বিভিন্ন দল-সংগঠনৰ নেতাই ৷ এই কথা শুকুৰবাৰে সদৰী কৰিলে ভৱেশ কলিতাই ৷

৮ অক্টোবৰৰ মহাযোগদান অনুষ্ঠানটো শাসকীয় BJPয়ে বাতিল কৰি পৰৱৰ্তীকালত অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তক কিন্তু সহজভাৱে নল'লে বিৰোধী কংগ্ৰেছে ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে BJPক সমালোচনা কৰিলে ৷ শিকদাৰে ক'লে— “যোগদান কৰিব লগা কোনো নাই সেয়েহে বাতিল কৰিলে মহাযোগদান ৷ কংগ্ৰেছ শূন্য কৰিম বুলি ভাবিছিল বিজেপিয়ে, কিন্তু নোৱাৰিলে ৷”

একেদৰে BJPৰ মহাযোগদান অনুষ্ঠানক BJPৰ এক চমকহে বুলি দাবী কৰিলে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই ৷ হুদাই ক'লে— “BJPয়ে মাজে মাজে কংগ্ৰেছৰ নেতা যোগ দিব বুলি প্ৰচাৰ চলাই থাকে ৷ পিছে যোগ নিদিয়ে ৷ প্ৰধানমন্ত্ৰী উজনিলৈ আহোঁতেও আমাৰ প্ৰাক্তন মন্ত্ৰী বিস্মৃতা গগৈয়ে যোগ দিব বুলি প্ৰচাৰ কৰিছিল ৷ কোনো নাযায় ৷”

লগতে AIUDFক সমালোচনা কৰি বিধায়ক হুদাই ক'লে- “AIUDFৰ লগত আমাৰ মিত্ৰতা নহয় ৷ এয়া দলৰ সৰ্বসন্মত সিদ্ধান্ত ৷ AIUDF দলটো BJPৰ অংশ বিশেষ ৷ BJPৰ হৈ কাম কৰে AIUDFয়ে ৷ কংগ্ৰেছ-AIUDFৰ সম্পৰ্কৰ কথা সকলোৱে জানে ৷”

পিছে ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাৰ দাবী— “কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্য নহয় BJPৰ ৷ কংগ্ৰেছ চলাই আছে জাকিৰ হুছেইন শিকদাৰ, ৰেকিবুদ্দিন আহমেদ আৰু ৰকিবুল হুছেইনে ৷ সুস্থ গণতন্ত্ৰত সুস্থ বিৰোধীৰ প্ৰয়োজন আছে ৷ আমি বিৰোধী শূন্য হোৱাটো নিবিচাৰো ৷”
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি