‘নিৰ্বাচনৰ সময়তহে চাহ শ্ৰমিকলৈ মনত পৰে বিজেপিৰ’

চাহ শ্ৰমিকক বিজেপিয়ে প্ৰবঞ্চনা কৰিছে: ৰিপুণ বৰা

News18-Assam
Updated:August 26, 2019, 5:29 PM IST
‘নিৰ্বাচনৰ সময়তহে চাহ শ্ৰমিকলৈ মনত পৰে বিজেপিৰ’
চাহ শ্ৰমিকক বিজেপিয়ে প্ৰবঞ্চনা কৰিছে: ৰিপুণ বৰা
News18-Assam
Updated: August 26, 2019, 5:29 PM IST
বিপুল বৰ্মন: নিৰ্বাচনৰ সময়ত চাহ বাগানৰ শ্ৰমিক সকললৈ বিজেপি চৰকাৰৰ মনত পৰে! নিৰ্বাচন উকলি গ'ল, এতিয়া পাহৰি গৈছে শ্ৰমিক সকলক। সংবাদ মেলত এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাৰ।

অসমৰ চাহ বাগান বিলাকত শ্ৰমিকৰ বহু সুবিধা মেনেজমেন্টে কৰ্তন কৰাটো দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৰিপুন বৰাই। বাগানে বাগানে এটিএম মেছিন দিম বুলি কোৱা চৰকাৰখন এতিয়া ক'ত লুকালে বুলি প্ৰশ্ন কৰিছে প্ৰদেশ কংগ্ৰেছে। শ্ৰমিক সকলক ২০% বোনাছ দিয়াৰ লগতে দৈনিক পাৰিশ্ৰমিক ৩৫১ টকাকৈ দিবলৈ কংগ্ৰেছে দাবী জনাইছে।

NRC প্ৰস্তুতৰ সময়ত বিজেপিয়ে বিভিন্ন ধৰণে বিধিপথালি দিছে বুলি অভিযোগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। চুড়ান্ত তালিকাৰ পৰা যাতে প্ৰকৃত ভাৰতীয়ৰ নাম কৰ্তন আৰু বিদেশীৰ নাম সন্নিবিষ্ট নহয় সেইটো গুৰুত্ব সহকাৰে লোৱাটো কংগ্ৰেছে বিচাৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি