দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি ইতিমধ্যে দেশে পালন কৰি আছে আজাদী কা অমৃত মহোৎসৱ । আনহাতে আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে দেশত আৰম্ভ হৈছে হৰ ঘৰ তিৰংগা অভিযানৰ ।
ইয়াৰ অংশ হিচাপে বিজেপি যুৱ মৰ্চাই বুধবাৰে হাইলাকান্দি জিলাত এক বাইক ৰেলীৰ আয়োজন কৰে । প্ৰায় তিনি শতাধিক মটৰ চাইকেলত জাতীয় পতাকা লৈ সমগ্ৰ জিলা পৰিক্ৰমা কৰে বিজেপি যুৱ মৰ্চাৰ সদস্যসকলে।
দিনৰ ৯ বজাত হাইলাকান্দি জিলাৰ দক্ষিণ প্ৰান্তত থকা কাটলিছেৰা সমষ্টিৰ মণিপুৰৰ পৰা এই বাইক ৰেলী আৰম্ভ কৰি ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে জিলাৰ বিভিন্ন এলেকা হৈ জিলাখনৰ উত্তৰ প্ৰান্তত থকা আলগাপুৰ সমষ্টিৰ ঐতিহাসিক ৰণটিলাত গৈ সমাপ্ত হয় । এই ৰেলীত হাইলাকান্দি যুৱ মৰ্চাৰ প্ৰায় ৫ শতাধিক কৰ্মীয়ে অংশ লয় ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|