ঋতুপৰ্ণ পেগুৰ পৰিয়ালক আইনী যুঁজৰ সকলো ব্যয় বহন কৰিব বিজেপিৰ যুৱ মৰ্চাই

শুকুৰবাৰে নুনমাটিত দুৰ্বৃত্তৰ নৃশংস হত্যাৰ বলি হোৱা দুৰ্ভগীয়া ঋতুপৰ্ণ পেগুৰ নিঠৰুৱা পৰিয়ালটোৰ কাষত শনিবাৰে উপস্থিত হয় যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মণ ৷
শুকুৰবাৰে নুনমাটিত দুৰ্বৃত্তৰ নৃশংস হত্যাৰ বলি হোৱা দুৰ্ভগীয়া ঋতুপৰ্ণ পেগুৰ নিঠৰুৱা পৰিয়ালটোৰ কাষত শনিবাৰে উপস্থিত হয় যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মণ ৷
- News18 Assam
- Last Updated: June 13, 2020, 11:08 PM IST
তাৰোপৰি পৰৱৰ্তী সময়ত ঋতুপৰ্ণ পেগুৰ দোষীয়ে যাতে কঠোৰ শাস্তি পাই তাৰ বাবে আইনী যুঁজৰ সকলো ব্যয় বিজেপিৰ যুৱ মৰ্চাই বহন কৰিব বুলি ঘোষণা কৰে বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি গৰাকীয়ে ৷
~এই ঘটনাই শেষ ঘটনা হওক ৷ ঋতুপৰ্ণৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব ৷ যাৰ বাবে আমি এই গোচৰত যুঁজিবৰ বাবে পৰিয়ালটোৰ হ'ব লগীয়া সকলো আইনী ব্যয় বহন কৰিম ৷"—এনেদৰে কয় অনুপ বৰ্মণে।