দেশৰ এনে সংকটৰ সময়ত বিজেপি যুৱ মৰ্চাৰ তৎপৰতা...

News18 Assam | News18-Assam
Updated:May 23, 2020, 7:50 PM IST
দেশৰ এনে সংকটৰ সময়ত বিজেপি যুৱ মৰ্চাৰ তৎপৰতা...
Photo : sentinelassam.com

কোৰোণাৰ এই মহা সংকটৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে ভাৰতীয় জনতা যুৱ মৰ্চা

  • Share this:
কোৰোণাৰ এই মহা সংকটৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে ভাৰতীয় জনতা যুৱ মৰ্চা ৷ ইতিমধ্যে বিজেপি যুৱ মৰ্চা অসম প্ৰদেশে ১লাখ ১৭শ ৫৪টা পৰিয়াললৈ যোগান ধৰিছে খাদ্য সামগ্ৰী ৷

৮৬ হাজাৰ ৫শ ১৭জন লোকক যুৱ মৰ্চাই প্ৰদান কৰিছে মাস্ক ৷ ইয়াৰ লগতে যুৱ মৰ্চাৰ ৩৮খন সাংগঠনিক জিলাত ৪৭হাজাৰ ৫শ ৪জন লোকক যোগান ধৰিছে আহাৰ ৷ ইয়াৰোপৰি ভাৰতীয় জনতা যুৱ মৰ্চাই এই সংকটৰ সময়ত তেজৰ নাটনিৰ বাবে যাতে ৰোগী বিপদত নপৰে তাৰ বাবে জিলাই জিলাই ৰক্তদান শিবিৰ পাতি চাৰি শতাধিক যুৱ মৰ্চাৰ কাৰ্যকৰ্তাক ৰক্তদান কৰোৱাইছে ৷

"এইখিনি বৰ জটিল সময় ৷ এই সময়খিনিত ৰাজনীতিৰ উৰ্ধত গৈ আমি যুৱ মৰ্চাই সেৱাৰ মনোভাৱেৰে কাম কৰিছো ৷ ৰাষ্ট্ৰীয় নেত্ৰী পুনম মহাজনে প্ৰতি মুহূৰ্ততে খবৰ লৈ আছে ৷ আজিও ভিডিঅ' কনফাৰেঞ্চ যোগে আৰ্তজনৰ কাষত ঠিয় হ’বলৈ তেওঁপ প্ৰতিখন ৰাজ্যৰ যুৱ মৰ্চাক আহ্বান জনাইছে— অনুপ বৰ্মন,যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৷"
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading