ডিমৌত বিজেপিৰ উদ্যোগত অনুষ্ঠিত হব লগা ৰঙালী বিহু সন্মিলনৰ এখন বেনাৰক লৈ শিল্পী মানস ৰবীনৰ সৈতে বিজেপি যুৱ মৰ্চাৰ তীব্ৰ সংঘাত। বিহুক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনাই শিল্পী মানস ৰবীনে এখন বেনাৰ লগাবলৈ আহোতেই সূত্ৰপাত হয় এই সংঘাত। আনকি বিজেপিৰ যুৱ মৰ্চা কৰ্মীয়ে মানস ৰবীনক শাৰীৰিক ভাবে অপদস্থ কৰাৰ লগতে ডিমৌ ত্যাগ কৰিবলৈও নিৰ্দেশ দিয়ে।

অহা ১১,১২ আৰু ১৩ বহাগত ভাৰতীয় জনতা পাৰ্টিয়ে ডিমৌত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিব। তাকে লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে। শিল্পী মানস ৰবীনে আৰম্ভণিৰে পৰাই বিহুক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনাই আহিছে। কিন্তু শনিবাৰে হাতত ‘ "ককাই অ’ বিহুখনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবি" লিখা এখন বেনাৰ লগাবলৈ যাওতেই বিজেপিৰ যুৱমৰ্চাৰ কৰ্মীয়ে শিল্পীজনক শাৰীৰিক ভাবে অপদস্থ কৰাৰ লগতে মানস ৰবীনৰ সৈতে তৰ্কা–তৰ্কিতো লিপ্ত হয়।
পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত পৰিস্থিতি হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। ডিমৌ আৰক্ষীয়ে শিল্পীগৰাকীক যুৱ মৰ্চাৰ ৰোষৰ পৰা উদ্ধাৰ কৰি ডিমৌ থানালৈ লৈ যায়। কিন্তু থানাৰ চৌহদতো শিৱসাগৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত অৰ্ধশতাধিক বিজেপি কৰ্মীৰ সৈতে মানস ৰবীনৰ তৰ্কা–তৰ্কি হয়।
ইফালে, মানস ৰবীনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, অসমীয়াৰ বাপতিসাহোন বিহুক গেৰুৱাকৰণ কৰিবলৈ দিব নোৱাৰি। অসমীয়াৰ গামোচা, মুগাৰ মেখেলাখন গেৰুৱা নহয় বুলি মন্তব্য কৰি শিল্পীগৰাকীয়ে যিকোনো মূল্যৰ বিনিময়ত ডিমৌত "ককাই অ বিহুখনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবি" শীৰ্ষক বেনাৰখন লগোৱা হ'ব বুলি ঘোষণা কৰে। লগতে অসমীয়া জাতিৰ হৃদপিণ্ড বিহুক কোনো ৰাজনৈতিক দলে হাত কৰিবলৈ লোৱাৰ বিৰুদ্ধে প্ৰতিজন স্বাভিমানী অসমীয়াই মাত মতা উচিত বুলি মন্তব্য কৰি শিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক কুশল দুৱৰীক বিহুক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনায়।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 14, 2020, 16:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।