ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ চৰাইদেউ জিলা প্ৰশিক্ষণ বিভাগৰ উদ্যোগত ১৬ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ মৰাণ ৰাধাকৃষ্ণ বিবাহ ভৱনত চৰাইদেউ (Charaideo) জিলা বিজেপিৰ এক প্ৰশিক্ষণ (BJP Workers Training) শিবিৰ আৰম্ভ হৈছে। তিনিদিনীয়া এই কৰ্মশালাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম চৰকাৰৰ মন্ত্ৰী তথা মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে প্ৰমুখ্য কৰি চৰাইদেউ জিলা বিজেপিৰ সকলো বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য, জিলা মৰ্চা সমূহৰ বিষয়ববীয়াসকল, সাতটা মণ্ডলৰ সভাপতি, সাধাৰণ সম্পাদক, সংবাদ মাধ্যম কোষ, সামাজিক মাধ্যম কোষ, তথ্য প্ৰযুক্তি কোষৰ আহ্বায়ক আৰু সহ-আহ্বায়ক সকলৰ লগতে জিলা প্ৰশিক্ষণ বিভাগৰ সকলো সদস্যই অংশগ্ৰহণ কৰে।
বিজেপিৰ ইতিহাস আৰু বিকাশ সন্দৰ্ভত বৌদ্ধিক জ্ঞান প্ৰদানেৰে উদ্বোধন কৰা হয় প্ৰশিক্ষণ শিবিৰ। শিবিৰত দলৰ কাৰ্যপদ্ধতি, সংগঠন আৰু সংৰচনা সন্দৰ্ভতো প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। আনহাতে ৰাজ্যত চৰকাৰ গঠন হোৱাৰ পাছত বিজেপিৰ উপলব্ধি, সামাজিক মাধ্যমৰ প্ৰয়োগ, ২০১৪ চনৰ পাছত হোৱা পৰিৱৰ্তন, যোৱা ছয় বছৰত হোৱা অন্তোদয়াৰ দৃষ্টিকোণ, সংবাদ মাধ্যমৰ ব্যৱহাৰ, ব্যক্তিত্ব বিকাশ আৰু দলৰ বিচাৰধাৰা, কেন্দ্ৰীয় চৰকাৰৰ জলকল্যাণমুখী আঁচনি, ভাৰতৰ পৰিৱৰ্তনকামী সুৰক্ষা সামৰ্থ সন্দৰ্ভতো প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি জনাইছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই।
প্ৰায় ডেৰ শতাধিক কাৰ্যকৰ্তাৰে অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰৰ পাছত পৰ্যায়ক্ৰমে মণ্ডল, শক্তিকেন্দ্ৰ আৰু বুথ পৰ্যায়ত এনেধৰণৰ প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হ'ব বুলি চৰাইদেউ জিলা বিজেপিৰ সংবাদ কোষৰ আহ্বায়ক প্ৰাঞ্জল গগৈয়ে জানিবলৈ দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|