உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পশ্চিম গুৱাহাটী সমষ্টিত অগপ বিজেপিৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত! বিজেপিয়ে প্ৰাৰ্থী নিদিলে সমূহীয়া দলত্যাগৰ হুংকাৰ দলীয় কৰ্মীৰ

    পশ্চিম গুৱাহাটী সমষ্টিত অগপ বিজেপিৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত! বিজেপিয়ে প্ৰাৰ্থী নিদিলে সমূহীয়া দলত্যাগৰ হুংকাৰ দলীয় কৰ্মীৰ

    মিত্ৰজোঁটে সমষ্টিটোত অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাক প্ৰাৰ্থীত্ব দিয়াৰ বাবেই বিজেপি কৰ্মীসকলে হাতে হাতে বেনাৰ আৰু দলীয় পতাকা লৈ পৰিবেশ উত্তাল কৰি তোলে।

    • Share this:
    পশ্চিম গুৱাহাটী সমষ্টিত অগপ আৰু বিজেপিৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত। দেওবাৰে আজাৰাৰ ৰাণীস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে পশ্চিম গুৱাহাটী সমষ্টিৰ একাংশ বিজেপি কৰ্মীয়ে। অগপক সমষ্টিতো এৰি দিয়াৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে বিজেপি কৰ্মীসকল।

    মিত্ৰজোঁটে সমষ্টিটোত অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাক প্ৰাৰ্থীত্ব দিয়াৰ বাবেই বিজেপি কৰ্মীসকলে হাতে হাতে বেনাৰ আৰু দলীয় পতাকা লৈ পৰিবেশ উত্তাল কৰি তোলে। সিদ্ধান্ত সলনি কৰি বিজেপিয়ে পশ্চিম গুৱাহাটী সমষ্টিত প্ৰাৰ্থী নিদিলে সমূহীয়া পদত্যাগৰ হুংকাৰ দিয়ে কৰ্মীসকলে। পিছত আজাৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
    Published by:Himangshu Bhuyan
    First published: