• Home
  • »
  • News
  • »
  • assam
  • »
  • গহপুৰত বিধায়কৰ বিৰুদ্ধাচৰণ কৰি বিপদত বিজেপি কৰ্মী, থানাৰ ভিতৰতে খালে ফেনাইল

গহপুৰত বিধায়কৰ বিৰুদ্ধাচৰণ কৰি বিপদত বিজেপি কৰ্মী, থানাৰ ভিতৰতে খালে ফেনাইল

গহপুৰৰ গলচেপা নিবাসী নিৰঞ্জনে ১৪ ফেব্ৰুৱাৰীত হৰেন নাথ নামৰ ঠেলা চালকজনে বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে কৰা মন্তব্য ফেচবুকত আপলোড  কৰিছিল৷

গহপুৰৰ গলচেপা নিবাসী নিৰঞ্জনে ১৪ ফেব্ৰুৱাৰীত হৰেন নাথ নামৰ ঠেলা চালকজনে বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে কৰা মন্তব্য ফেচবুকত আপলোড  কৰিছিল৷

গহপুৰৰ গলচেপা নিবাসী নিৰঞ্জনে ১৪ ফেব্ৰুৱাৰীত হৰেন নাথ নামৰ ঠেলা চালকজনে বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে কৰা মন্তব্য ফেচবুকত আপলোড  কৰিছিল৷

  • Share this:
বিজেপি বিধায়কৰ বিৰুদ্ধাচৰণ কৰি আইনী মেৰপেঁচত সোমাই পৰা বিজেপি কৰ্মীয়ে এইবাৰ আৰক্ষী থানাৰ ভিতৰতে চলালে আত্মহননৰ চেষ্টা৷ এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে গহপুৰ আৰক্ষী থানাত৷ থানাৰ ভিতৰতে ফেনাইল খালে নিৰঞ্জন দাস নামৰ লোকজনে৷ নিৰঞ্জন দাস হৈছে বিজেপিৰ এছ চি মৰ্চাৰ ৰাজ্যিক সদস্য৷

বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে কৰা মন্তব্য ফেচবুকত আপলোড কৰাৰ বাবে নিৰঞ্জনৰ বিৰুদ্ধে গোচৰ তৰিছিল গহপুৰ আৰক্ষী থানাত৷ আজি থানালৈ আহি আত্মসমৰ্পণ কৰাৰ পিছতে আৰক্ষীৰ দাবী-ধমকিত হতাশাত ভোগা বিজেপি কৰ্মীজনে থানাৰ ভিতৰতে ফেনাইল খাই আত্মহননৰ চেষ্টা কৰে৷

গহপুৰৰ গলচেপা নিবাসী নিৰঞ্জনে ১৪ ফেব্ৰুৱাৰীত হৰেন নাথ নামৰ ঠেলা চালকজনে বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে কৰা মন্তব্য ফেচবুকত আপলোড  কৰিছিল৷ হৰেন নাথ হৈছে এজন নিষ্ঠাবান জ্যেষ্ঠ বিজেপি কৰ্মী৷ ভিডিঅ’টোত হৰেন নাথে কৈছিল, ‘‘উৎপল বৰাক এইবাৰ ভোট নিদিও৷ কাৰণ উৎপল বৰাই আমাক নাচায়৷ গলচেপা সূৰ্য মন্দিৰলৈ আগবঢ়োৱা ১০ লাখৰ ২ লাখ খালে৷ মাগনি অঞ্চললৈ বনোৱা PWD ৰাস্তাটোৰ ডেৰ কোটি টকা খালে৷ গতিকে আমি এইবাৰ কোনেও উৎপল বৰাক ভোট নিদিও৷’’

হৰেন নাথে কোৱা কথাখিনি ১৪ ফেব্ৰুৱাৰীত ফেচবুকত আপলোড কৰাৰ পিছতেই সূৰ্য মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি প্ৰাঞ্জল গোস্বামীয়ে গহপুৰ থানাত গোচৰ তৰে৷ এজাহাৰৰ পিছতে ১৫ ফেৱ্ৰুৱাৰীত হৰেন নাথক আৰক্ষীয়ে আটক কৰি লৈ যায় যদিও নিৰঞ্জনে পলায়ন কৰে৷ আজি দুপৰীয়া আত্মসমৰ্পণ কৰিবলৈ অহা নিৰঞ্জনক নিজৰ জিম্মাত লয় আৰক্ষীয়ে৷ ইয়াৰ পিছতে মানসিকভাৱে ভাগি পৰা বিজেপি কৰ্মীগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে৷

সম্প্ৰতি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে নিৰঞ্জনক৷ আৰক্ষীয়ে গিজগিজাই থকা এখন থানাৰ ভিতৰত কিদৰে এই ঘটনা সংঘটিত হ’বলৈ পালে তাক লৈও উঠিছে প্ৰশ্ন৷
Published by:Sanjay Kumar Das
First published: