বঙাইগাঁৱত বিজেপি কৰ্মীক হানি–খুচি হত্যা, দলঙৰ তলত পেলাই থৈ গ’ল মৃতদেহ

News18-Assam
Updated:November 18, 2019, 9:47 AM IST
বঙাইগাঁৱত বিজেপি কৰ্মীক হানি–খুচি হত্যা, দলঙৰ তলত পেলাই থৈ গ’ল মৃতদেহ
চোকা অস্ত্ৰৰে হানি–খুচি হত্যা কৰাৰ চিহ্ন স্পষ্ট কৰ্মীগৰাকীৰ দেহত৷

চোকা অস্ত্ৰৰে হানি–খুচি হত্যা কৰাৰ চিহ্ন স্পষ্ট কৰ্মীগৰাকীৰ দেহত৷

  • Share this:
বঙাইগাঁওৰ অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা। দুৰ্বৃত্তই হত্যা কৰিলে সক্ৰিয় বিজেপি কৰ্মী কানাইলাল সৰকাৰক। অভয়াপুৰীৰ বজাৰৰ পৰা লেংটিছিঙাৰ নিজ বাসগৃহলৈ গৈ থকাৰ পথত নিশা হত্যা কৰে সৰকাৰক। অভয়াপুৰী-হাজো সংযোগী ৰাজ্যিক ঘাইপথৰ ধৰ্মপুৰৰ এখন দলঙৰ তলত দুৰ্বৃত্তই পেলাই থৈ যায় লোকজনৰ মৃতদেহ৷

চোকা অস্ত্ৰৰে হানি–খুচি হত্যা কৰাৰ চিহ্ন স্পষ্ট কৰ্মীগৰাকীৰ দেহত৷ মৃতদেহৰ কেইবাঠাইতো আছে আঘাতৰ চিন। ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে বঙাইগাঁও জিলা বিজেপিয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি