உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Municipal Election in Assam: পৌৰসভা নিৰ্বাচন নৌহওঁতেই ৰাজ্যত বিজেপিয়ে জিকিছে ইখনৰ পিছত সিখন আসন, পৌৰসভাৰ মুঠ কিমানটা ৱাৰ্ড বিজেপিৰ দখলত?

    Municipal Election in Assam: পৌৰসভা নিৰ্বাচন নৌহওঁতেই ৰাজ্যত বিজেপিয়ে জিকিছে ইখনৰ পিছত সিখন আসন, পৌৰসভাৰ মুঠ কিমানটা ৱাৰ্ড বিজেপিৰ দখলত?

    পৌৰসভাৰ নির্বাচনী ৰণভূমিৰ পৰা কংগ্রেছৰ ছত্রভংগঃ অসম বিজেপি 

    পৌৰসভাৰ নির্বাচনী ৰণভূমিৰ পৰা কংগ্রেছৰ ছত্রভংগঃ অসম বিজেপি 

    পৌৰসভাৰ নির্বাচনী ৰণভূমিৰ পৰা কংগ্রেছৰ ছত্রভংগঃ অসম বিজেপি 

    • Share this:
    পৌৰসভা নির্বাচন অনুষ্ঠিত হােৱা ৯৭৭খন পৌৰ ৱাৰ্ডৰ ভিতৰত ৬০খনত ভাৰতীয় জনতা পার্টী আৰু মিত্র দলৰ প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে। লগতে উত্তৰ গুৱাহাটী, লামডিং আৰু চতিয়া পৌৰসভা গঠন কৰিব পৰাকৈ বিজেপি প্রার্থীয়ে বিজয় সাব্যস্ত কৰিছে। উত্তৰ গুৱাহাটী পৌৰসভাৰ দহখন ৱাৰ্ডৰ ভিতৰত সাতখনত, লামডিঙত তেৰখনৰ ভিতৰত সাতখনত আৰু চতিয়া পৌৰসভাত দহখনৰ ভিতৰত সাতখনত বিনাপ্রতিদ্বন্দ্বিতাৰে বিজেপি প্রার্থী বিজয়ী হৈ পৌৰসভা গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা অর্জন কৰিছে (Municipal Election in Assam)।

    উল্লেখযােগ্য যে ভাৰতীয় জনতা পার্টীয়ে (BJP) মুঠ ৮৮৩ খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্র দলৰ প্ৰাৰ্থীয়ে ৯২খন আসনত প্রতিদ্বন্দ্বিতা কৰিছে। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা বিবৃতিত বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাই এই তথ্যখিনি সদৰী কৰিছে। লগতে তেওঁ কয় যে, উত্তৰ গুৱাহাটী, চতিয়া আৰু লামডিং পৌৰসভা বিজেপি দলে বিনা প্রতিদ্বন্দ্বিতাৰে ইতিমধ্যে গঠন কৰিবলৈ সক্ষম হােৱাৰ ঘটনাই ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ আৰু অন্যান্য বিৰােধী দল ক্রমান্বয়ে অপ্রাসংগিক হৈ পৰাকে সূচায় ।

    উল্লেখযােগ্য যে যিকেইখন ৱাৰ্ডত কংগ্ৰেছ দলে প্রার্থী থিয় কৰাইছে সেইকেইখনৰাে অধিকাংশ প্রার্থীৰ যুঁজৰ মানসিকতা ৰাজনৈতিক ক্ষেত্ৰখনত পৰিলক্ষিত হােৱা নাই। ফলত বিৰােধী দলটোৱে নির্বাচনী ৰণভূমিৰ পৰাই পলাই-পত্ৰং দিয়া দেখা গৈছে বুলি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাই দোহাৰে (BJP wins 60 wards in municipalities ahead of Municipal elections)।

    শ্ৰীশৰ্মাই লগতে কয় প্রদেশ কংগ্ৰেছৰ (Assam Congress) প্রাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই নিজৰ গৃহ সমষ্টি গহপুৰ পৌৰসভাৰ দহটা ৱাৰ্ডতে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে দলীয় কর্মী বিচাৰি নাপালে। ফলত তিনিটাত বিজেপি প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। ঠিক একেদৰে নিজকে কংগ্ৰেছৰ প্রবল প্রতাপী নেতা বুলি ভবা ৰকিবুল হুছেইনেও নগাঁও পৌৰসভাৰ তিনিটা ৱাৰ্ডত প্রার্থী বিচাৰিয়েই নাপালে। এই তথ্যসমূহে স্পষ্ট কৰে যে নির্বাচনী ৰণাংগনত যুঁজ কৰাৰ মানসিকতা আৰু গণশক্তি তথা গণভিত্তি সকলাে কংগ্ৰেছ দলে ইতিমধ্যে হেৰুৱাই পেলাইছে বুলি শ্ৰী শৰ্মাই মন্তব্য কৰে।

    আনহাতে লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদক (AJP) পৌৰসভা নির্বাচনী ৰণভূমিৰ ক'তােৱেই বিচাৰি পাবলৈ নাই। ৰাইজৰ দলে শিৱসাগৰত কেইজনমান প্রার্থী থিয় কৰাই পৌৰসভা নির্বাচনত নিজৰ উপস্থিতি দেখুৱাবলৈ এক ব্যর্থ প্রয়াস কৰা দেখা গৈছে বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্রজনে কয়।

    উল্লেখযােগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে চহৰ অঞ্চলসমূহত ক্ষিপ্রতাৰে ৰূপায়ণ কৰা উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিসমূহৰ বাবেই জনসাধাৰণৰ দৰবাৰত ভাৰতীয় জনতা পার্টী গ্রহণযােগ্যতা ক্রমান্বয়েবৃদ্ধি পাইছে। ফলত ৰাজনৈতিকভাৱে জনসাধাৰণৰ ওচৰত বিৰােধী দলসমূহ অস্তিত্বহীন হৈ পৰিছে।

    এনে কাৰণতেই কেৱল উন্নয়নৰ স্বাৰ্থত ৰাজ্যৰ চহৰাঞ্চলৰ বাসিন্দাই বিজেপিৰ নেতৃত্বত হিলদল ভাঙি পৌৰসভাসমূহ গঠন কৰিবলৈ ইতিমধ্যে মনস্থ কৰা বুলি দলটোৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাই মন্তব্য কৰে।
    Published by:Gautam Barman
    First published: