চাৰ্জ লাইট জ্বলাই বৰছলাত কংগ্ৰেছৰ সাংগঠনিক সভা
চাৰ্জ লাইট জ্বলাই বৰছলাত কংগ্ৰেছৰ সাংগঠনিক সভা
কংগ্ৰেছৰ যেন বেয়া দিন চলিছে! আন্ধাৰৰ মাজত চাৰ্জাৰ লাইট লগাই কংগ্ৰেছে পাতিলে সভা। সভাখন অনুষ্ঠিত হৈছিল বৰচলা বিধানসভা সমষ্টিত। সভাত উপস্থিত আছিল শোণিতপুৰ জিলা কংগ্ৰেছৰ পৰ্যবেক্ষক নুৰুল হুদা, বৰছলাৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা আৰ পি শৰ্মা, জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভটাচাৰ্য।
সভা খনত হঠাৎ লাগিল অথন্তৰ ৷ দলীয় কৰ্মীয়ে উভতি ধৰিলে বিধায়ক নুৰুল হুদাক ৷ ইপিনে নুৰুল হুদায়ো ধমক দিলে দলীয় কৰ্মীক ৷ দলীয় নেতাই সভাখনত মিছা তথ্য দাঙি ধৰাৰ বাবে এই অথন্তৰ লাগে। ইফালে সভাত অংশ লোৱাৰ পিছত ৰূপহীৰ বিধায়ক তথা শোণিতপুৰৰ পৰ্যবেক্ষক নুৰুল হুদাই আজমলৰ সভাত আৰৱী ভাষাৰ বেনাৰৰ প্ৰসংগত কৰে বিশেষ তাত্পৰ্যপূৰ্ণ মন্তব্য। ৰূপহীৰ বিধায়কজনে কয় যে, ‘আৰৱী এটা ভাষা, হিন্দী বা ফাৰ্চী ভাষাৰ বেনাৰ দিলে আপুনি প্ৰতিবাদ কৰিব নেকি? মনে সজা কথাৰে একাংশই বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে ৷ প্ৰত্যক জাতি- জনগোষ্ঠীক নিজৰ ভাষা কোৱাৰ সংবিধানে অধিকাৰ দিছে। আমি অসমত অসমীয়া, তাৰ পিছতহে অন্য৷’
আনহাতে ৰিপুণ বৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি বুলি প্ৰশ্ন কৰাত বিধায়ক হুদাৰ মন্তব্য- ‘ৰিপুণ বৰাই দক্ষতাৰে কংগ্ৰেছক আগুৱাই লৈ গৈছে ৷ দক্ষতাৰ ভিত্তিত আমিও কৈছো ৰিপুণ বৰা মুখ্যমন্ত্ৰী পদৰ বাবে উপযুক্ত ৷ কিন্তু দলক জয়ী কৰোৱাৰ পিছত বিধায়ক সকলে হাইকামাণ্ডৰ লগত বহি নিৰ্ধাৰণ কৰিব কোনো মুখ্যমন্ত্ৰী হ’ব।’
ইফালে এই প্ৰসংগত আৰ পি শৰ্মায়ো কৰে বিশেষ তাত্পৰ্যপূৰ্ণ মন্তব্য। প্ৰাক্তন সাংসদগৰাকীৰ মতে, ‘কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী ৰিপুণ বৰা যোগ্য ৷ তেখেতৰ কষ্টৰ বাবে কংগ্ৰেছৰ আসন বাঢ়িব ৷ AIUDFৰে মিত্ৰতাৰ ফলত বিজেপিয়ে তেজপুৰ, বৰছলা, চতিয়া, বিশ্বনাথ, বটদ্ৰৱাকে ধৰি ২০খন আসন হেৰুৱাব৷ উক্ত ২০খন আসনেই কংগ্ৰেছে লাভ কৰিব ৷ বিজেপিয়ে চিণ্ডিকেটৰ টকাই নিৰ্বাচনত ব্যৱহাৰ কৰিব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|