অসম জাতীয় পৰিষদৰ ৰাজ্যিক যুৱ আহ্বায়ক সমিতি ‘যুৱ বাহিনী’ৰ কেন্দ্ৰীয় কমিটী গঠন কৰে।
অসম জাতীয় পৰিষদৰ ৰাজ্যিক যুৱ আহ্বায়ক সমিতি ‘যুৱ বাহিনী’ৰ কেন্দ্ৰীয় কমিটী গঠন কৰে।
‘২০২১ চনত বিজেপি ক্ষমতাৰ পৰা আঁতৰিব। ৩০ খনতকৈও কম আসনেৰে বেয়াকৈ মুখ থেকেচা খাব বিজেপিয়ে।’- এই মন্তব্য নৱগঠিত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকনৰ।
সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ নবেম্বৰৰ শেষত প্ৰথমখন পূৰ্ণাংগ অভিৱৰ্তনৰ অনুষ্ঠিত হ’ব। শুকুৰবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ সভাখনতেই ৰাজ্যিক যুৱ আহ্বায়ক সমিতি ‘যুৱ বাহিনী’ৰ কেন্দ্ৰীয় কমিটী গঠন কৰাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকে নতুন দলটোত যোগদান কৰে।
নৱ গঠিত আঞ্চলিক দল এজেপিৰ নেতৃত্বই অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰাক কটু ভাষাৰে সমালোচনা কৰে। অনুষ্ঠানত দলটোৰ মুখ্য সমন্বয়কসকল ক্ৰমে, জগদীশ ভূঞা, অদীপ কুমাৰ ফুকন, চিত্ৰৰঞ্জন বসুমতাৰী প্ৰমুখ্যে আন নেতাসকল উপস্থিত আছিল। উক্ত সভাতেই ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা অহা যুৱ প্ৰতিনিধিৰ মাজৰ পৰা ১১ গৰাকী মুখ্য আহ্বায়ক আৰু ৭৫ গৰাকী ৰাজ্যিক আহ্বায়ক বাছনি কৰি এখন আহ্বায়ক সমিতি গঠন কৰা হয়৷ শুকুৰবাৰে ঘোষণা হোৱা মুখ্য আহ্বায়ক সকল হ’ল ক্ৰমে, লাকীমণি বৰুৱা, ডঃ দুলেন বৰা, আমিৰ হুছেইন, ডাঃ লক্ষ্যজ্যোতি বৰা, দীপাংকৰ দলে, চন্দ্ৰপল বৰুৱা, দীপাংকৰ সোণোৱাল, বিতুল চুতীয়া, কুশল কুজুৰ, নিভা দত্ত আৰু নোমল বৰা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|