• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘UPPLৰ সৈতে মিত্ৰতা স্থাপন কৰি বিজেপিয়ে দখল কৰিব BTC’

‘UPPLৰ সৈতে মিত্ৰতা স্থাপন কৰি বিজেপিয়ে দখল কৰিব BTC’

নিশ্চিত চৰকাৰৰ গঠনৰ দিশে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL।

নিশ্চিত চৰকাৰৰ গঠনৰ দিশে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL।

নিশ্চিত চৰকাৰৰ গঠনৰ দিশে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL।

  • Share this:
নিশ্চিত চৰকাৰৰ গঠনৰ দিশে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL। বিটিচি নিৰ্বাচনত ফলাফলে যেন এতিয়া তাৰেই স্পষ্ট ইংগিত প্ৰদান কৰিছে। ইফালে বিজেপিয়েও এই মূহূৰ্তলৈকে আগবাঢ়ি আছে ১১ খন আসনত। তাৰ মাজতে ভেৰগাঁও ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে কয় যে, ‘আমি ১৮ খন আসন লাভ কৰিম BTC ত। ওদালগুৰি জিলাত বিপিএফে ২০১৫ চনত  ৯ খন আসন লাভ কৰিছিল, কিন্তু এইবাৰ জিলা খনত শূন্য হ’ব বিপিএফ। আমি ৮ খন আসন লাভ কৰিম ওদালগুৰিত।  আনহাতে সমগ্ৰ BTC ত BJPয়ে ১৮ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব। আৰু সহযোগী হিচাপে থাকিব প্ৰমোদ বড়োৰ UPPL দল।’

দিলীপ শইকীয়াই এই ইংগিতৰ পিছতে এতিয়া সমগ্ৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে। আনহাতে বিপিএফৰ সৈতে বিজেপিৰ শেহতীয়া সম্পৰ্কৰ সন্দৰ্ভত দিলীপ শইকীয়াৰ স্পষ্ট মন্তব্য, কোনো কাৰণতে বিপিএফৰ সৈতে বিজেপিৰ নহয় মিত্ৰতা।’
Published by:Himangshu Bhuyan
First published: