অসমৰ বাদে আগন্তুক বিধান সভা নিৰ্বাচনত পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুড্ডুচেৰীত পৰাজয়ৰ মুখ দেখিব ভাৰতীয় জনতা পাৰ্টীয়ে । মহাৰাষ্ট্ৰৰ বাৰামটিত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ সভাপতি শৰদ পাৱাৰে। পাৱাৰৰ দলটো কংগ্ৰেছ নেতৃত্বাধীন United Progressive Alliance চমুকৈ UPAৰ সহযোগী দল আৰু মহাৰাষ্ট্ৰত শাসক দলৰ অংশীদাৰ। মহাৰাষ্ট্ৰত শিৱসেনা, কংগ্ৰেছ আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ মিলিজুলি চৰকাৰ।
তেওঁ কয় “এনে সন্ধিক্ষণত ফলাফল কি হ’ব সেইয়া কোৱাটো বৰ জটিল যদিও, বৰ্তমানৰ ৰাজনৈতিক ধাৰাই অসমত বিজেপি জয়ী হোৱাৰ এখন ছবি ডাঙি ধৰিছে । ইয়াৰ বাদে কিন্তু পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুড্ডুচেৰীত বিজেপিৰ পৰাজয় নিশ্চিত । আৰু এয়াই হ’ব দেশত ৰাজনৈতিক পৰিৱৰ্তনৰ আগজাননী ।“
পাৱাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ক আক্ৰমণৰ ঘটনাকো গৰিহণা দিয়ে । বিজেপিয়ে পশ্চিম বংগত ক্ষমতাৰ অপ-ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয় – “আমাৰ ভগ্নীয়ে (মমতা বন্দ্যোপাধ্যায়) বিজেপিৰ ৰাজনৈতিক আক্ৰমণক প্ৰতিহত কৰি ৰাজ্যৰ জনসাধাৰণৰ পক্ষত থাকি যুজঁ দি আছে। বংগৰ জনসাধাৰণৰ আত্ম-সন্মান আছে। যেতিয়াই কোনোৱে বংগৰ সংস্কৃতিক আঘাত কৰাৰ দুঃসাহস কৰে তেতিয়াই সমগ্ৰ বংগই একত্ৰিত হৈ ইয়াক প্ৰতিহত কৰে।
পাৱাৰে বিদেশী মূলৰ ছোনিয়া গান্ধীক কংগ্ৰেছ সভানেত্ৰী পতাৰ বাবে পূৰ্ণ এ চাংমাৰ সৈতে মিলি ৯০ৰ দশকত দলত্যাগ কৰিছিল। আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী গঠন কৰিছিল। UPAৰ প্ৰথমটো আৰু দ্বিতীয়টো শাসনত NCP অংশীদাৰ আছিল সেইদৰে কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল শৰদ পাৱাৰে। বৰ্তমান তেওঁ দলটোৰ পৰা ৰাজ্যসভাৰ সাংসদ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|