உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বড়োভূমিৰ ১২ বিধানসভাৰ আসন BPFৰ কব্জাৰ পৰা কঢ়াৰ ব্লুপ্ৰিণ্ট BJPৰ

    বড়োভূমিৰ ১২ বিধানসভাৰ আসন BPFৰ কব্জাৰ পৰা কঢ়াৰ ব্লুপ্ৰিণ্ট BJPৰ

    কংগ্ৰেছৰ ৭০বছৰীয়া শাসন কালত অসমত একো নহ'ল বুলি অভিযোগ কৰি অমিত শ্বাহে আসন্ন বিধানসভাৰ নিৰ্বাচনত ৰাইজক BJP মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান জনায়৷

    কংগ্ৰেছৰ ৭০বছৰীয়া শাসন কালত অসমত একো নহ'ল বুলি অভিযোগ কৰি অমিত শ্বাহে আসন্ন বিধানসভাৰ নিৰ্বাচনত ৰাইজক BJP মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান জনায়৷

    কংগ্ৰেছৰ ৭০বছৰীয়া শাসন কালত অসমত একো নহ'ল বুলি অভিযোগ কৰি অমিত শ্বাহে আসন্ন বিধানসভাৰ নিৰ্বাচনত ৰাইজক BJP মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান জনায়৷

    • Share this:
    হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFৰে বিধানসভাৰ নিৰ্বাচনত আৰু মিত্ৰতা নকৰে BJP-এ৷ নতুন মিত্ৰ দল UPPLৰ সৈতে মিলি আসন্ন বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব শাসকীয় BJP৷ এই কথা কোকৰাঝাৰত ঘোষণা কৰি থৈ গ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷

    হাগ্ৰামা মহিলাৰীৰ BPF আউট৷ NDAত সোমাল প্ৰমোদ বড়োৰ UPPL৷ বিগত BTCৰ পৰিষদীয় নিৰ্বাচনৰ পৰা আৰম্ভ হোৱা সংঘাতৰ পিছত আৰু যোৰ নাখায় BJP-BPF৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFক Out কৰি মিত্ৰতাত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLক আঁকোৱালি ল'লে BJP–এ৷ BTRত সন্মিলিত চৰকাৰো গঠন কৰিলে UPPL, BJP আৰু গণ সুৰক্ষা পাৰ্টীয়ে৷

    এইক্ষেত্ৰত BPF–এ BJPৰ নেতৃত্বৰ সৈতে বাৰম্বাৰ অনুৰোধ কৰিও মিত্ৰতাত থাকিবলৈ সক্ষম নহ'ল৷ BJP–এ নতুন মিত্ৰ UPPLক আদৰি লৈ আগবঢ়াৰ সিদ্ধান্ত ল'লে৷ এই হিচাপতে আসন্ন অসম বিধানসভাৰ নিৰ্বাচনতো NDAৰ অংশীদাৰ হ'ব UPPL৷ UPPLৰে মিলি নিৰ্বাচনত অৱতীৰ্ণ হ'ব BJP৷

    দেওবাৰে কোকৰাঝাৰত BTR চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে তাকেই ঘোষণা৷ শ্বাহে ক'লে NDAত অন্তভুৰ্ক্ত হোৱা UPPLৰ সৈতে আসন্ন বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব BJP৷ অমিত শ্বাহে সদম্ভে ঘোষণা কৰিলে- “২০১৬তকৈ অধিক আসন পাব BJP–এ৷ BJPৰ মিত্ৰজোঁটে অধিক আসন পাব৷”

    BTRৰ প্ৰতিটো দফা BJP চৰকাৰে খৰতকীয়াকৈ ৰূপায়ণৰ দিহা ইতিমধ্যে কৰিছে বুলি কৈ কোকৰাঝাৰৰ বিশাল জনসভাত গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ অমিত শ্বাহে ক'লে- “কংগ্ৰেছৰ দিনত বহু চুক্তি স্বাক্ষৰিত হ'ল; কিন্তু কোনো এখন চুক্তিৰে সফল ৰূপায়ণহে নহ'ল৷ কংগ্ৰেছে প্ৰতিশ্ৰুতি বহুত দিয়ে; কিন্তু প্ৰতিশ্ৰুতি পালন নকৰে কোনোদিনে৷”

    কংগ্ৰেছৰ ৭০বছৰীয়া শাসন কালত অসমত একো নহ'ল বুলি অভিযোগ কৰি অমিত শ্বাহে আসন্ন বিধানসভাৰ নিৰ্বাচনত ৰাইজক BJP মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান জনায়৷

    ইপিনে BTCত সোতৰ বছৰে শাসন চলাই যোৱা হাগ্ৰামা মহিলাৰীৰ দিনত ২৩০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ বিষয়টোক উনুকিয়াই BTRৰ মূৰব্বী প্ৰমোদ বড়োৱে কেলেংকাৰীৰ তদন্তৰ পোষকতা কৰে৷

    মুঠতে বড়োভূমিৰ শাসনৰ পৰা আঁতৰিবলগীয়া হোৱাৰ পিছত এতিয়া বিপদত BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী৷ আসন্ন বিধানসভাৰ নিৰ্বাচনত BJP হ'ব হাগ্ৰামা মহিলাৰী আন এক মূল প্ৰত্যাহ্বান৷ বহুকেইজন জ্যেষ্ঠ নেতাই ইতিমধ্যে হাগ্ৰামাৰ সংগ এৰি BJPত যোগ দিছেগৈ৷ ২০১৬ত বড়োভূমিৰ বাৰটা বিধানসভা সমষ্টিতে BPFএ নিজ দখলত ৰাখিবলৈ সক্ষম হৈছিল৷ পিছে আসন্ন বিধানসভাৰ নিৰ্বাচনত BJP–এ UPPLৰ সৈতে মিলি হাগ্ৰামা মহিলাৰীৰ BPFৰ দখলত থকা সমষ্টিকেইটা যে কাঢ়ি নিবলৈ অপ্ৰাণ চেষ্টা কৰিব সেয়া নিশ্চিত৷ এই ক্ষেত্ৰত BPF–এ কংগ্ৰেছ-AIUDFৰ মহাজোঁট বন্ধনৰ অংশীদাৰ হৈ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ চেষ্টা কৰাৰ পূৰ্ণ সম্ভৱনা আছে৷
    Published by:Sanjay Kumar Das
    First published: