মুখ্যপৃষ্ঠা »খবৰ »অসম »পুনৰ বিজেপিয়ে আনিব নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৪ৰ ৩১ ডিচেম্বৰ হ'ব কাট অব ডেট

পুনৰ বিজেপিয়ে আনিব নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৪ৰ ৩১ ডিচেম্বৰ হ'ব কাট অব ডেট

সোমবাৰে NEDAৰ সমাৰোহত এই কথা স্পষ্ট কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

সোমবাৰে NEDAৰ সমাৰোহত এই কথা স্পষ্ট কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

  • Share this:
    নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰিব বিজেপিয়ে। সোমবাৰে NEDAৰ সমাৰোহত এই কথা স্পষ্ট কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ কাট অব ডেট হ'ব ২০১৪ৰ ৩১ ডিচেম্বৰ। নাগৰিকত্ব বিধেয়কে ক্ষতি নকৰে ৩৭১(ক) অনুচ্ছেদক। লগতে এই বিধেয়কে উত্তৰ-পূবৰ ভাষা-সংস্কৃতি বা জনগাঁথনিলৈ কোনো ভাবুকি নানে।

    নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে ষষ্ঠ অনুসূচী, ইনাৰলাইন পাৰ্মিট ব্যৱস্থা বিঘ্নিত নহয়। এই বিধেয়কৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চল ক্ষতিগ্ৰস্ত নহ'বলৈ কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা ল'ব বুলিও ঘোষণা কৰে অমিত শ্বাহে। নেডাৰ বৈঠকত অমিত শ্বাহৰ মন্তব্যৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি