২০২১ত ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব। আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটে ৮০ খন আসন লাভ কৰিব।
২০২১ত ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব। আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটে ৮০ খন আসন লাভ কৰিব।
২০২১ত ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব। আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটে ৮০ খন আসন লাভ কৰিব। এই দাবী তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা আৰ পি শৰ্মাৰ। ৰাম প্ৰসাদ শৰ্মাৰ মতে, অসমত ২০২১ত বিজেপি চৰকাৰ ক্ষমতাৰ পৰা আঁতৰিব।
আৰ পি শৰ্মাৰ স্পষ্ট অভিযোগ, আগন্তুক নিৰ্বাচনত বিৰোধীৰ মহাজোঁটৰ প্ৰাৰ্থীক হৰুৱাবলৈ শাসকীয় বিজেপিয়ে ৰাজ্যৰ বিভিন্ন সমষ্টিত দিব ২, ৩ জন ডামী প্ৰাৰ্থী। কিন্তু সেই কৌশলে এইবাৰ গেৰুৱা দলটোক কামত নিদিব বুলি কয় জ্যেষ্ঠ নেতাগৰাকীয়ে। কংগ্ৰেছৰ নেতৃত্বৰ প্ৰস্তাৱিত মহাজোঁটত থাকিব বিভিন্ন জাতি-জনগোষ্ঠীয় দল, য'ত এটা বড়ো দলৰ সৈতেও মিত্ৰতাৰ প্ৰসংগত কথা-বতৰা চলি আছে বুলি কয় আৰ পি শৰ্মাই।
নিৰ্বাচনৰ সময়ত বিজেপিৰ হিতাধিকাৰীলৈ মনত পৰে কিয় বুলি প্ৰশ্ন কৰা আৰ পি শৰ্মাই লগতে কয় যে, ৰাজ্য চৰকাৰৰ সন্মুখত আজি হিতাধিকাৰী সকল লজ্জিত। নিৰ্বাচনৰ পূৰ্বে মহিলাক ৮৩০ টকা দিব বিচাৰি অসমৰ ৰাইজক চূড়ান্তভাৱে অপমান কৰিছে বুলি অভিযোগ কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে। আৰ পি শৰ্মাই আনকি, ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি বিজেপি চৰকাৰে পালন নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|