'মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট ৰাজ্যৰ ১২৬ খন আসন লাভ। মুখ্যমন্ত্ৰীৰ এই সপোনক বাস্তৱত ৰূপায়ন কৰাৰ বাবে বিশেষ পৰিকল্পনা যুগুত কৰিছে বিজেপি দলে। অসমৰ ১২৬ টা সমষ্টিতে বিজেপি প্ৰাৰ্থী জয় হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই লক্ষ্যত স্পৰ্শ নকৰালৈ যুঁজ অব্যাহত থাকিব।'- এনেদৰে কয় কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাই।
দিগন্ত কলিতাৰ স্পষ্ট মত আগন্তুক মাজুলী সমষ্টিৰ উপ নিৰ্বাচনৰ সময়তো আৰু তিনি চাৰিটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব।
ইফালে মূল্যবৃ্দ্ধিৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক কলিতাই কয় যে, 'পেট্ৰ'ল, ডিজেলৰ মূল্য হ্ৰাস হ'ল। এতিয়া মুল্যবৃদ্ধি হ্ৰাস হ'ব। মুল্যবৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ মাত মতাৰ কোনো অধিকাৰ নাই। দুই এদিনতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও হ্ৰাস হ'ব।' ইফালে ডিজেলৰ দাম হ্ৰাস পোৱাৰ পিছতো দোকানীয়ে কিয় মূল্য হ্ৰাস কৰা নাই তাকলৈ ৰাইজকো সজাগ হ'বলৈ ক'লে বিধায়কজনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|