বিগত ৩০বছৰে নিজৰ দখলত ৰখা বঢ়মপুৰ সমষ্টিত এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিচিত বঢ়মপুৰৰ পৰা নিৰ্বাচন খেলিবলৈ মন মেলিছে বিগত লোকসভা নিৰ্বাচনত টিকট বঞ্চিত হোৱা বিজেপিৰ বৰ্ষীয়াণ নেতা ৰাজেন গোহাঁইয়ে। সমষ্টিটোত পূৰ্বে বিজেপি নেতা জিতু গোস্বামীয়েও প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও ৰাজেন গোঁহাইয়ে প্ৰাৰ্থিত্ব বিচাৰি ৰাজ্যিক সমিতিক হেঁচা দিয়াৰ পিছৰে পৰা জিতু গোস্বামীয়ে সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ দৌৰত কিছু পিছপৰা দেখা গৈছে।
অৱশ্যে ৰাজেন গোহাঁইৰ সৈতে শেহতীয়াভাৱে জিতু গোস্বামীৰ সম্পৰ্ক মধুৰ হোৱাৰ বাবে তেওঁ গোহাঁইক বাট এৰি দিয়া বুলিও দলৰ মাজত চৰ্চিত হৈছে। ইপিনে জ্যেষ্ঠ সাংবাদিক সুনীল বৰায়ো ২০১৬ চনত বঢ়মপুৰত বিজেপিৰ টিকটৰ দাবীদাৰ হিচাপে থিয় দিছিল। ২০১৬ত অগপ-বিজেপিৰ মিত্ৰতাৰ ফলস্বৰূপে বঢ়মপুৰ অগপক এৰি দিয়াৰ বাবে সুনীল বৰা টিকট বঞ্চিত হৈছিল যদিও পুনৰ এইবাৰ সমষ্টিত কুচকাৱাজ চলাইছে বৰাই। বিশেষকৈ ল’ক ডাউনৰ সময়ছোৱাত সুনীল বৰাই বিভিন্ন লোকক সাহাৰ্য বিতৰণ কৰাও দেখা গৈছিল। ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘণিষ্ঠ হিচাপে চৰ্চিত সুনীল বৰাও প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ।
ইপিনে পুনৰ যদি মিত্ৰতাৰ ফলস্বৰূপে অগপক বঢ়মপুৰ বিজেপিয়ে এৰি দিয়ে তথাপিও বঢ়মপুৰত প্ৰফুল্ল কুমাৰ মহন্তৰ সন্মুখত প্ৰত্যাহ্বান ৰূপে থিয় দিব পাৰে অগপৰ যুৱনেতা মণিমাধৱ মহন্তই। বিগত লোকসভা নিৰ্বাচনত আছু ত্যাগ কৰি অগপত যোগ দিয়া মণিমাধৱ মহন্তই এইবাৰ বঢ়মপুৰত বহু সাংগঠনিক কাৰ্যকলাপ চলোৱা দেখা গৈছে। আনহাতে অগপৰ মাজত বৃদ্ধি পোৱা দলীয় সংঘাতৰ ফলশ্ৰুতিতে এইবাৰ প্ৰফুল্ল মহন্তক টিকট বঞ্চিত কৰাৰ কথাও চৰ্চিত হৈছে।
আনহাতে কা’ বিৰোধী শিবিৰৰ পৰা নৱগঠিত আঞ্চলিক দল ‘অসম জাতীয় পৰিষদৰ’ হৈ বঢ়মপুৰ প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়া। সমষ্টিটোৰ যুৱচামৰ মাজত বণিয়া বিশেষভাৱে চৰ্চিত।
ঠিক একেদৰে কংগ্ৰেছৰ স্থিতিও বঢ়মপুৰত যথেষ্ট শক্তিশালী। ২০১১ চনত প্ৰফুল্ল কুমাৰ মহন্তই কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাক যথেষ্ট ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল যদিও ২০১৬ চনত সেই ব্যৱধান বহু পৰিমাণে হ্ৰাস পাইছিল। পৰাজিত হ'লেও সুৰেশ বৰাই বঢ়মপুৰত ২০১১ চনৰে পৰা সাংগঠনিক কাৰ্যকলাপ পূৰ্ণগতিত চলাই যোৱাৰ ফলশ্ৰুতিত কংগ্ৰেছৰ স্থিতিও যথেষ্ট শক্তিশালী হৈ পৰিছে। যদিহে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ মহন্ত বঢ়মপুৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয় তেনেহ'লে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ সম্ভাৱনা এইবাৰ উজ্বল।
কিন্তু ২০০৬ চনত অগপ বিভাজিত হোৱাৰ পিছতো অগপ প্ৰগতিশীলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিও বিজয়ৰ হাঁহি মৰা মহন্তৰ গণভিত্তিক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 18, 2020, 22:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।