உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এতিয়াৰ পৰা সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব বিজেপিৰ ভিডিঅ' ৰথ, চালকৰ আসনত বহি উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

    এতিয়াৰ পৰা সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব বিজেপিৰ ভিডিঅ' ৰথ, চালকৰ আসনত বহি উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

    নিৰ্বাচন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দল বিজেপিৰ।

    নিৰ্বাচন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দল বিজেপিৰ।

    নিৰ্বাচন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দল বিজেপিৰ।

    • Share this:
    নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দল বিজেপিৰ। বিজেপিয়ে এইবাৰ যিখন নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব সেইখনত থাকিব ৰাইজৰ মতামত ৷ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব এখনকৈ দৃশ্য শ্ৰাব্য বাহন ৷ বুধবাৰে বাহনৰ ষ্টিয়েৰিঙত বহি উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷



    এখন সৰু ডকুমেণ্টেৰী অহৰহ চলি থাকিব বাহন সমূহত। য'ত থাকিব বিজেপি মিত্ৰজোঁট চৰকাৰে কৰা কামৰ খতিয়ান ৷ ইতিমধ্যে সাঁজু হৈ উঠা ৪৮খন ভিডিঅ' ৰথ ৰাওনা হৈছে বিভিন্ন সমষ্টিলৈ ৷ ছচিয়েল মিডিয়াৰ সমানে সমানে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা শাসকীয় দলটোৱে প্ৰস্তুত হ'ব লগীয়া নিৰ্বাচনী ইস্তাহাৰত যাতে ৰাইজে মতামত জনাব পাৰে তাৰ বাবে এটা বিশেষ নম্বৰত মিছকল দিয়াৰ ব্যৱস্থা কৰিছে ৷ 73832-73832 এই নম্বৰটোত মিছকল দিয়াৰ লগে লগে মিছকল দিয়া জনৰ লগত যোগাযোগ কৰি দলটোৱে সংগ্ৰহ কৰিব মতামত ৷

    এটা কথা ঠিক যে, কিছু দিশত আন দলতকৈ সুকীয়া ৰণ কৌশল অসম প্ৰদেশ বিজেপিৰ ৷ ভিডিঅ' ৰথ প্ৰেৰণৰ সমানে সমানে আজিৰে পৰা বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মীলন ৷ মুঠৰ ওপৰত সাংগঠনিক দিশতেই হওক বা ৰাইজৰ কাষ চপাৰ ন-ন কৌশলৰে হওক তৎপৰতা দিনক দিনে বৃদ্ধি পাইছে দলটোৰ ৷
    Published by:Himangshu Bhuyan
    First published: