মুখ্যপৃষ্ঠা »খবৰ »অসম »Religious Conversion : ধৰ্মান্তৰকৰণৰ আছে হিডেন এজেণ্ডা, বিৰোধিতা কৰিবলৈ UPPLক আহ্বান মিত্ৰদল বিজেপিৰ

Religious Conversion : ধৰ্মান্তৰকৰণৰ আছে হিডেন এজেণ্ডা, বিৰোধিতা কৰিবলৈ UPPLক আহ্বান মিত্ৰদল বিজেপিৰ

ডা৹ নোমল মমিন ধৰ্মান্তৰিত নহয়: ভৱেশ কলিতা

ডা৹ নোমল মমিন ধৰ্মান্তৰিত নহয়: ভৱেশ কলিতা

ডা৹ নোমল মমিন ধৰ্মান্তৰিত নহয়: ভৱেশ কলিতা

  • Share this:

মেঘালয়, নাগালেণ্ডৰ ভোটগ্ৰহণৰ পিছতে অসমত আকৌ আৰম্ভ হৈছে স্পৰ্শকাতৰ বিষয় ধৰ্মান্তৰকৰণ বিতৰ্ক ৷ ধৰ্মান্তৰকৰণৰ মুকলি বিৰোধিতা আৰম্ভ কৰিছে বিজেপিয়ে ৷ মিত্ৰদল UPPLকো ধৰ্মান্তৰকৰণৰ বিৰোধ কৰিবলৈ আহ্বান ভৱেশ কলিতাৰ ৷


৮ ফেব্ৰুৱাৰীত স্পৰ্শকাতৰ বিষয় ধৰ্মান্তৰকৰণক লৈ গুৱাহাটী প্ৰেছ ক্লাবত RSSৰ বিবিধ সংগঠন জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চই সম্বোধন কৰিছিল সংবাদমেলৰ ৷ ১২ ফেব্ৰুৱাৰীত RSSৰ বিবিধ সংগঠনটোৱে হাতত লৈছিল দিছপুৰ চলো কাৰ্যসূচী ৷ কিন্তু ২৭ ফেব্ৰুৱাৰীত মেঘালয়, নাগালেণ্ডত ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিততে আন কাৰণৰ দোহাই দি পিছুৱাই দিছিল কাৰ্যসূচী।


RSSএ অতি গম্ভীৰতাৰে লোৱা ধৰ্মান্তৰকৰণৰ বিষয়টোৰ ওপৰত নিৰ্বাচনৰ এটা দিনৰ পিছতে মুকলিকৈ কেতবোৰ গুৰুতৰ কথা কোৱা আৰম্ভ কৰিছে বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ মিছনেৰীয়ে কি কি কৰি আছে সেই লৈ মঙলবাৰে ভৱেশ কলিতাই কৈছিল- "অসম তথা উত্তৰ-পূবত হিন্দুক এক এজেণ্ডা লৈ খ্ৰীষ্টানলৈ ধৰ্মান্তৰকৰণ কৰাৰ খবৰ আমাৰ হাতত আছে ৷ কৰ্মই ধৰ্ম বুলি কৈ কাৰোবাক ফুচুলাই আনি কেইটামান ফঁটা কাপোৰ দি ধৰ্মান্তৰকৰণ কৰিলে ৱৰ্কেই ৱৰ্শ্বিপ হ'ব নোৱাৰে। এনে কাম গৰ্হিত কামহে। সহায় কৰক, কিন্তু জনজাতীয় দৰিদ্ৰ লোকৰ দৈন্যৰ সুবিধা কিয় লৈছে? সহজ-সৰল লোকসকলৰ ওপৰত জোৰ দি ধৰ্মান্তৰকৰণ যি প্ৰকাৰে চলিছে, সেয়া লাভ জেহাদতকৈ কম নহয়৷ উত্তৰ-পূবৰ অধিকাংশ লোক প্ৰকৃততে সনাতনী হিন্দু আছিল। সম্প্ৰতি বিদেশৰ পুঁজিৰে এই কামবোৰ চলিছে, যিসকলে নিজৰ উপাস্য দেৱতাক এৰি ভুল পথেৰে যোৱা বুলি অনুভৱ কৰিছে সেইসকল উভতি আহিছে ৷ বৰ্তমান এই কামত জড়িতসকল ইমানেই তললে নামিছে যে আমাৰ বৰগীত, থিয়নামৰ সুৰ প্ৰাৰ্থনাত ব্যৱহাৰ কৰিছে৷ এইবোৰ ভাল কথা নহয় ৷"


বুধবাৰে পুনৰ একেটা বিষয়তে কলিতাই ক'লে, "দৰিদ্ৰতাৰ সুযোগ লৈ মানৱ সেৱাক ঢাল হিচাপে লৈ ধৰ্মান্তৰকৰণ কৰাসকলৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছোঁ মিত্ৰদল UPPLকো৷ সকলোৱে বিৰোধ কৰিব লাগে এনে বিষয়ৰ৷ কোনোবা হিন্দু,কোনোবা মুছলমান,কোনোবা খ্ৰীষ্টান হৈ থাকক, কিন্তু ধৰ্মান্তৰকৰণ মিছন হিচাপে লৈ কৰাটো অনুচিত৷ ডা৹ নোমল মমিনক কোনোবাই ধৰ্মান্তৰিত বুলি কোৱাটো ভুল৷ সন্মানীয় বিধায়কগৰাকীৰ পিতৃহে ধৰ্মান্তৰিত হৈছিল৷ বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে নিজেই এই কাৰ্যৰ বিৰোধ কৰে৷"


উল্লেখ্য যে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন ধৰ্মান্তৰিত বিধায়ক বুলি কৈছিল RSSৰ  বিবিধ সংগঠনে ৷ এতিয়া চাওঁ আহক বিজেপি RSS কিয় এই বিষয়টোক লৈ ইমান উদ্বিগ্ন ৷ ইয়াৰ কাৰণ উত্তৰ-পূবৰ বহু ৰাজ্য এতিয়া খ্ৰীষ্টান প্ৰধান৷ ছিকিমত ১৯০১ত ১৩৬জন খ্ৰীষ্টান আছিল৷ মিজোৰামত আছিল ৪৫জন, মেঘালয়,নাগালেণ্ডত ৬.১% খ্ৰীষ্টান আছিল ,অৰুণাচলত নাছিলেই৷ কিন্তু আজি কোনোবাখনত ৭০% কোনোবা খনত ৯০% পাৰ কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা ৷ বিজেপিৰ দাবী এই সকলোবোৰৰ আঁৰত আছে হিডেন এজেণ্ডা ৷

শেহতীয়া বাতৰি