মহানগৰীৰ বিলাসী হোটেলত সম্পন্ন UPPL-BJP-GSP ৰ বৈঠক। বৈঠকতে চূড়ান্ত UPPL BJP-GSP মিত্ৰতা৷ মিত্ৰজোঁটত হ’ব বিটিচিৰ চৰকাৰ৷ এতিয়া মাথোঁ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিবলৈ বাকী৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাৰ্গ দৰ্শন পোৱাৰ পাছতে সকলো হ’ব চূড়ান্ত৷ মন্তব্য নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ৷
চৰকাৰ গঠনৰ বাবে ল’ব লগা সকলো সিদ্ধান্ত ইতিমধ্যে সম্পন্ন হৈছে৷ সেয়া মাথোঁ আনুষ্ঠানিক ঘোষণাহে বাকী৷ মুখ্যমন্ত্ৰী সোণোৱালে স্পষ্ট কৰিব সকলো৷ ইপিনে হাগ্ৰামাৰ সৈতে মিত্ৰতা সন্দৰ্ভত মন্ত্ৰী হিমন্তৰ মন্তব্য – BPFৰে ৰাজ্যিক পৰ্যায়ত মিত্ৰতা আছে ২১লৈ। কিন্তু বিটিচিত নাছিল৷
ইয়াৰ পৰিৱৰ্তে বিটিচিত পৰিৱৰ্তনৰ বাবে জনমত দিছে জনতাই৷ এটা দলে ১৭খন আসন আৰু বাকী তিনি দলে লাভ কৰিছে ২১খন আসন৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য – এয়া বিটিচিবাসী ৰাইজৰ বাবে পৰিৱৰ্তন সম্ভৱ হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|