দুটা ‘A’ৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিজেপিয়ে, দিল্লীত মোদীৰ সন্মুখত ৰণজিত্‍ দাস

News18 Assam | News18-Assam
Updated:February 21, 2021, 11:11 PM IST
দুটা ‘A’ৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিজেপিয়ে, দিল্লীত মোদীৰ সন্মুখত ৰণজিত্‍ দাস
দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াৰ সভা।

দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াৰ সভা।

  • News18 Assam
  • Last Updated: February 21, 2021, 11:11 PM IST
  • Share this:
দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াৰ সভা। ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে প্রধানমন্ত্ৰী নৰেন্দ্র মোদী। এই সভাত ৰাজ্য সমূহৰ ৰাজ্যিক সভাপতি সমূহো উপস্থিত থাকে ।

অসম বিজেপিৰ সভাপতি ৰণজিত্‍ দাসে নিজৰ ভাষণত দলটোৱে দুটা ‘A’ক সাৰোগত কৰি সহজেই নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বুলি উল্লেখ কৰে । এটা ‘A’ হৈছে Activity of party workers আৰু আনটো ‘A’ হৈছে Achievement of the governments । আনহাতে অসম বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে গেৰুৱা দলটোৱে অসম গণ পৰিষদ আৰু UPPLৰে মিত্ৰতা কৰাৰ কথাটোও বৈঠকত আনুষ্ঠানিক ভাৱে অৱগত কৰে। বৈঠকৰ অন্তত দিল্লীৰ অসম ভৱনত সাংবাদিকৰে হোৱা কথা বতৰাত দাসে বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰে মিত্ৰতা অসম্ভব বুলি মন্তব্য কৰে ।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ ইচ্ছা প্ৰকাশ কৰি দাসলৈ প্ৰেৰণ কৰা পত্ৰৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি ৰাজ্যিক সভাপতি গৰাকীয়ে কয় – হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত অৱতীৰ্ণ নহওঁ বুলি ক’লে নহ’ব । বিজেপিত সিদ্ধান্ত জাপি দিয়া হয় । শৰ্মা দলটোৰ এজন নিষ্ঠাৱান কৰ্মী; তেওঁক কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচন খেলিবলৈ নিৰ্দেশ দিলে তেওঁ খেলিবলৈ বাধ্য ।

দাসে বিজেপি দল অনায়াসে জয়লাভ কৰাৰ অংকও স্পষ্ট কৰি দিয়ে । তেওঁ কয় – এইয়া অতি সাধাৰণতে পাটীগণিত । উজনি/নামনি/বৰাকত বিজেপিয়ে পাব ৬০খন আসন; অগপ জয়লাভ কৰিব ১৪খনত; বড়োলেণ্ডত মিত্ৰ দলে পাব ১২খন; জোনাইৰ পৰা আহিব মিত্ৰ দলৰ এখন আসন। গোলাঘাট, শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিয়নী, ডুমডুমা আদিৰ পৰা বিজেপিয়ে পাব অতিৰিক্ত ৮খন আসন, দক্ষিণ অসমৰ পৰা আহিব অতিৰিক্ত চাৰিখন আসন। সংখ্যালঘু অধ্যুষিত চাৰিটা সমষ্টি দখল কৰিব বিজেপিয়ে । সকলো যোগ কৰিলে বিজেপিৰ আসনৰ সংখ্যা হ’বগৈ ১০৩ ।

দাসে বিজেপিক কোনে; কিয় ভোট দিব ইয়াৰো পৰিসংখ্যাৰে বাখ্যা আগবঢ়ায় । তেওঁ কয় -অসমত ২.১৯ কোটি ভোটাৰ আছে । ভোট দিবলৈ আহিব ১.৬০কোটি লোক । চৰকাৰৰ হিতাধিকাৰীৰ সংখ্যা হৈছে ৯৬লক্ষ আৰু বিজেপি সদস্যৰ সংখ্যা হৈছে ৫০লক্ষ । প্ৰতিজন সদস্যই লগত এজনকৈ ভোটাৰ আনিলে আৰু  হিতাধিকাৰীৰ আশীৰ্বাদ থাকিলে বিজেপিয়ে অতি কমেও ১কোটি ভোট পাব। তেওঁ লগতে কয় – বিজেপিৰ জয় নিশ্চিত; কাৰণ তেওঁ একেবাৰে পানী সৰকি যাব নোৱাৰাকৈ পথাৰ বান্ধিছে ।
Published by: Himangshu Bhuyan
First published: February 21, 2021, 11:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি