‘নীলা ৰঙৰ লুঙি সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে’, মৌলিক সমস্যাৰ পৰা ৰাইজক আঁতৰাবলৈ বিজেপিয়ে মিঞা মিউজিয়ামক ইচ্ছু বনাইছেঃ জগদীশ ভূঞা

দেওবাৰে সহস্ৰাধিক লোকে যোগ দিয়ে অসম জাতীয় পৰিষদত
দেওবাৰে সহস্ৰাধিক লোকে যোগ দিয়ে অসম জাতীয় পৰিষদত
- News18 Assam
- Last Updated: November 1, 2020, 5:20 PM IST
জগদীশ ভূঞাই লগতে কয় যে, ‘এই সমগ্ৰ কথা-বতৰাবোৰ বিজেপিৰেই সৃষ্টি ৷ বৃহত্তৰ অসমৰ জাতি সত্বাৰ স্বাভিমানক আক্ৰমণ কৰিবলৈ কাকো সুযোগ নিদিওঁ, লাগিলে মন্ত্ৰী হিমন্তই হওক, বিজেপিয়েই হওক বা AIUDFয়েই হওক নাইবা শ্বেৰমান আলীয়েই হওক। তেনে আক্ৰমণ প্ৰতিহত কৰিবলৈ অসমীয়া জাতি সাজু আছে৷’
জগদীশ ভূঞাৰ মতে, অসমত মৌলিক সমস্যা বহু আছে ৷ মৌলিক সমস্যাৰ পৰা দৃষ্টি আঁতৰাবলৈহে “মিঞা মিউজিয়াম”ৰ প্ৰসংগক অনাহকত ইচ্ছ্যু কৰি লোৱা হৈছে ৷
২০২১ত অসমত অসম জাতীয় পৰিষদে গঠন কৰিব চৰকাৰ। অসমৰ ১২৬ টা সমষ্টিতে দলটোৱে প্ৰাৰ্থী থিয় কৰাব আৰু ইয়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰে জগদীশ ভূঞাই।
উল্লেখ্য যে, দেওবাৰে তেজপুৰ জিলা পুথিভৰাঁলত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী আৰু তেজপুৰ বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতি গঠন প্ৰক্ৰিয়া ৷ জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ হৈ অদীপ ফুকন, জগদীশ ভূঞা, জীয়াউৰ ৰহমানৰ উপস্থিত থকা এই সভাতে আনুষ্ঠানিকভাৱে নতুন আঞ্চলিক দলটোত যোগদান কৰে সহস্ৰাধিক লোকে।