News18 AssamNews18 Assam
|
News18-Assam Updated:January 12, 2021, 9:24 AM IST
নগাঁৱৰ মৰিকলং বিলক মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অভিলাষী আঁচনি লোৱা হৈছে।
নগাঁৱৰ মৰিকলং বিলক মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অভিলাষী আঁচনি লোৱা হৈছে।
"আগৰ বিয়াগোম মন্ত্ৰীজনে খোৱা-কামোৰা কৰি থাকোতেই গ'ল, কিন্তু সদৰ সমষ্টিৰ উন্নয়নৰ বাবে চিন্তা কৰিবলৈ আহৰি ন'হল। আমি নগাঁৱক আধুনিক ৰূপত গঢ়ি তোলাৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছো।" - এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। নগাঁৱৰ সংখ্যালঘূ অধ্যুষিত ৱাৰ্ড হিচাপে পৰিচিত ১৪নং ৱাৰ্ডত বিজেপিৰ এক বিশাল যোগদান সভাত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে কয়, "ইতিমধ্যে নগাঁও চহৰে নতুন ৰূপ পাইছে। কিন্তু আমি নগাঁৱক আৰু আধুনিক ৰূপত গঢ়ি তুলিব বিচাৰিছো। সেয়ে শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত নগাঁৱত আমি ভূপেন হাজৰিকা কলাক্ষেত্ৰ নিৰ্মাণৰ কথা চিন্তা কৰিছো।
নগাঁৱৰ মৰিকলং বিলক মুম্বাইৰ মেৰিণা বীচ্চৰ আৰ্হিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অভিলাষী আঁচনি লোৱা হৈছে। লগতে কলঙৰ পাৰত সুদীৰ্ঘ উৰণীয়া সেতু নিৰ্মাণৰো আধাৰশিলা স্থাপনৰ বাবে মুখ্যমন্ত্ৰী শীঘ্ৰে নগাঁৱলৈ আহিব।"
ইপিনে পূৰ্বৰ চৰকাৰৰ দিনত কলঙত বহু টকা হেৰাল বুলি কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয় "আগতে কলঙৰ নামত টকা আহে কিন্তু আঁচনিৰ কাম নহয়। সেয়ে মানুহে কয় কলঙত বহুত টকা পোত গ'ল।"
উল্লেখযোগ্য যে নিৰ্বাচন কাষ চপাৰ লগে লগে সদৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ হৈ উঠা উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে কংগ্ৰেছক চোকা সমালোচনা কৰা দেখা গৈছে। নগাঁও চহৰত নতুনকৈ নিৰ্মিত হোৱা চাৰিলেনযুক্ত ঘাইপথ, ষ্ট্ৰীট লাইট, হাইমাস্ক লাইট, ক্লক টাৱাৰ আদিৰ লগত পূৰ্বৰ চৰকাৰৰ দিনৰ নগাঁও চহৰৰ তুলনা কৰি বিধায়কগৰাকীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰাও দেখা গৈছে।
আনহাতে, বিগত ৩০বছৰে মুকলি নোহোৱা ভূঞাপট্টি দলঙৰ লগতে নগাঁও চহৰত একেটা বছৰতে ৪খনকৈ দলং নিৰ্মান কৰাৰ কথাও উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয়, "আমাৰ লক্ষ্য উন্নয়নৰ ৰাজনীতিহে। খোৱা–কামোৰা আৰু ধৰ্মীয় ৰাজনীতিৰে এইবাৰ সদৰ সমষ্টিৰ ৰাইজক কংগ্ৰেছে প্ৰবঞ্চনা কৰিব নোৱাৰে।"