• Home
  • »
  • News
  • »
  • assam
  • »
  • KAAC election's Result: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আটাইকেইখন আসনত বিজেপিৰ জয়

KAAC election's Result: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আটাইকেইখন আসনত বিজেপিৰ জয়

BJP দলটোৱে যোৱা নিৰ্বাচনতো ২০১৭ চনত জয়ী হৈছিল।

BJP দলটোৱে যোৱা নিৰ্বাচনতো ২০১৭ চনত জয়ী হৈছিল।

BJP দলটোৱে যোৱা নিৰ্বাচনতো ২০১৭ চনত জয়ী হৈছিল।

  • Share this:
আশাকৰা ধৰণে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আটাইবোৰ (২৬ খন) আসনত জয়লাভ কৰে। কিন্তু পৰিষদৰ নিৰ্বাচনত এখন আসনতো বিজয় নিশ্চিত কৰিব নোৱাৰিলে কংগ্ৰেছে।

বিজেপিয়ে নিৰ্বাচনত ২৬খন আসনত জয়লাভ কৰা প্ৰসংগত দলটোৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডাই (Baijayant Jay Panda) কয়- "কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত বিজেপিয়ে ২৬খন আসনতে জিকাটো অসম বিজেপিৰ বাবে এটা ক্লীন চুইপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ পথপ্ৰদৰ্শনৰ পোহৰত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Chief Minister Himanta Biswa Sarma) সুদক্ষ নেতৃত্বত দলটোৱে এই বিজয় লাভ কৰিছে।"

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Minister Sarbananda Sonowal) এক টুইটযোগে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিপুল বিজয়ৰ বাবে অসম বিজেপিৰ সকলো কৰ্মীক অভিনন্দন জ্ঞাপন কৰি কয় যে এই জয়ে যোৱা আঠ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক পদক্ষেপত মানুহৰ সম্পূৰ্ণ বিশ্বাস প্ৰতিফলিত কৰিছে।





স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত (Karbi Anglong Autonomous Council Election)  বিজেপিৰ বিশাল বিজয় বিপুল উৎসাহেৰে উদযাপন কৰা দেখা গৈছিল কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ দলীয় কৰ্মীসকলে।

উল্লেখ্য, কাৰ্বি আলঙত ২৬ খন আসনৰ নিৰ্বাচন ৮ জুনত অনুষ্ঠিত হৈছিল। পৰিষদখনত ৩০জন সদস্য থাকে, ইয়াৰে ২৬গৰাকী নিৰ্বাচিত হয় আৰু বাকী ৪গৰাকীক মনোনীত কৰা হয়। বিজেপিয়ে এই ২৬খন আসনত জিকিবলৈ সক্ষম হৈছে। ইয়াৰ সৈতে, বিজেপিয়ে স্বায়ত্তশাসিত পৰিষদত পুনৰ ক্ষমতালৈ ঘূৰি আহিল। দলটোৱে যোৱা নিৰ্বাচনতো ২০১৭ চনত জয়ী হৈছিল।
Published by:Gautam Barman
First published: