মুখ্যপৃষ্ঠা » খবৰ

» অসম

»এইবাৰ জাতীয় সংগঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শাসকীয় দলৰ কৰ্মীসকলে

এইবাৰ জাতীয় সংগঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শাসকীয় দলৰ কৰ্মীসকলে

News18 Assam | News18-Assam
Updated:August 27, 2021, 9:05 AM IST
এইবাৰ জাতীয় সংগঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শাসকীয় দলৰ কৰ্মীসকলে
কঠীয়াতলী ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি জাতীয় সংগঠনক সকীয়নি বিজেপি দলৰ কৰ্মীৰ।

কঠীয়াতলী ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি জাতীয় সংগঠনক সকীয়নি বিজেপি দলৰ কৰ্মীৰ।

  • Share this:
এইবাৰ জাতীয় সংগঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শাসকীয় দলৰ কৰ্মীসকলে৷ উল্লেখযোগ্য যে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ নগাঁও চহৰস্থিত বাসগৃহৰ সন্মুখত বৃহস্পতিবাৰে কেইবাটাও সংগঠনৰ প্ৰতিনিধি আৰু মিকিৰ বামুণীৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই সৰৱ হৈ পৰিছে সমষ্টিটোৰ একাংশ বিজেপি কৰ্মী–সমৰ্থক।

বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে মিকিৰ বামুণীৰ ৰায়তী কৃষকক উচ্ছেদ কৰি সৌৰ প্ৰকল্প স্থাপন কৰা এজিউৰ পাৱাৰ কোম্পানীৰ সপক্ষত বিধানসভাৰ মজিয়াত মন্তব্য কৰিছিল। ইয়াৰ প্ৰতিবাদত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰিছিল নগাওঁ জিলা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনে।

মিকিৰ বামুণী গ্ৰাণ্টৰ উক্ত স্থান বন্যহস্তীৰ কৰিড’ৰ নহয় বুলি মন্তব্য কৰাৰ পিছতে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল সংগঠনকেইটাই৷ আনহাতে, সংগঠন কেইটাই বঢ়মপুৰ সমষ্টিৰ উন্নয়ন স্থবিৰ কৰাত নামি পৰা বুলি অভিযোগ তুলি শাসকীয় দলৰ বিজেপি কৰ্মীসকলে বৃহস্পতিবাৰে নিশা কঠিয়াতলী ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

তাৎপৰ্যপূৰ্ণ বিষয় যে, মিকিৰ বামুণি গ্ৰাণ্টত স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী চলাই থকাৰ বিপৰীতে বন বিভাগে উক্ত স্থান বন্যহস্তীৰ কৰিড’ৰ নহয় বুলি প্ৰমান পত্ৰ দিয়াৰ পাছত আকৌ কিয় বন্যহস্তীয়ে পাৱাৰ কোম্পানীৰ ফেন্সিং ভঙিলে সেয়া তদন্তৰ প্ৰয়োজন আছে বুলি সকলোৱে মত প্ৰকাশ কৰিছে৷
Published by: Sanjay Kumar Das
First published: August 27, 2021, 9:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি