বিধায়ক হোৱাৰ মন মেলিছে শুকুৰ আলীয়ে, ২০২১ত বিজেপিয়ে টিকট দিলে খেলিব নিৰ্বাচন

News18 Assam | News18-Assam
Updated:November 21, 2020, 10:14 AM IST
বিধায়ক হোৱাৰ মন মেলিছে শুকুৰ আলীয়ে, ২০২১ত বিজেপিয়ে টিকট দিলে খেলিব নিৰ্বাচন
২০২১ত বিজেপিয়ে টিকট দিলে ২৪নং গৌৰিপুৰ সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দিতা

২০২১ত বিজেপিয়ে টিকট দিলে ২৪নং গৌৰিপুৰ সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দিতা

  • News18 Assam
  • Last Updated: November 21, 2020, 10:14 AM IST
  • Share this:
এইবাৰ বিধায়ক হোৱাৰ মন মেলিছে শুকুৰ আলীয়ে ৷ ২০২১ত বিজেপিয়ে টিকট দিলে ২৪নং গৌৰিপুৰ সমষ্টিৰ পৰা খেলিব নিৰ্বাচন। সেয়েহে শুকুৰ আলীয়ে এতিয়া বিটিচিত বিজেপিৰ হৈ চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। আনকি লাভ কৰিছে এজন PSO৷

এই সন্দৰ্ভত শুকুৰ আলিয়ে কয়-‘মোক চৰকাৰে দিছে এজন PSO ৷ কাৰণ মই লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিলো৷ মোৰ নিৰাপত্তাৰ বাবে চৰকাৰে দিছে PSO ৷’ উল্লেখ্য যে,  বিটিচিৰ সংখ্যালঘু অঞ্চলৰ ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ ফিল্ডত নামিছে শুকুৰ আলী ৷ মন্ত্ৰী বিধায়কতকৈ শুকুৰ সভাৰ ৰাইজৰ হেতা ওপৰা ৷  শুকুৰবাৰে নিশা ৮ বজা পৰ্যন্ত শুকুৰ আলীয়ে বিটিচিৰ ৰৌতা পৰিষদীয় সমষ্টিৰ বৰছলাত সংখ্যালঘু অধ্যূষিত অঞ্চলত বিজেপি প্ৰাৰ্থী কস্তৰাম বাগলাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ চলায় ৷



প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰা শুকুৰ আলীয়ে কয়, ‘বিজেপিয়ে বিটিচি দখল কৰিলে জে’ললৈ যাব লাগিব হাগ্ৰামা-চন্দন। বিটিচি উন্নয়ণৰ বাবে অহা ধন লুণ্ঠনৰ বাবে জেললৈ যাব লাগিব হাগ্ৰামা-চন্দন। উন্নয়ণৰ টকাৰে হাগ্ৰামাই অস্ত্ৰ ক্ৰয় কৰি  মানুহ মাৰিছিল ৷’

ইপিনে মমিনুল আৱালে বিধান সভাত মিঞা বিধায়কক প্ৰৱেশ কৰিবলৈ নিদিব বুলি কৰা মন্তব্যক প্ৰত্যাহ্বান জনাবলৈ এইবাৰ বিধায়ক হোৱাৰ মন মেলিছে শুকুৰ আলীয়ে ৷ ২১ৰ বিধানসভা নিৰ্বাচনত ২১নং গৌৰীপুৰ বিধান সভা সমষ্টিত বিজেপি প্ৰাৰ্থীত্ব লাভ কৰি প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ মন মেলিছে শুকুৰে ৷ তেওঁৰ আশা, দলে তেওঁক টিপট দিব সমষ্টিটোৰ পৰা৷

প্ৰসংগ ক্ৰমে মাদ্ৰাছা বন্ধ কৰাৰ সন্দৰ্ভত শুকুৰ আলীয়ে কয় -‘কোনো কাৰণতে মাদ্ৰাছা বন্ধ নহয় ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিব নোৱাৰে মাদ্ৰাছা।’
Published by: Himangshu Bhuyan
First published: November 21, 2020, 10:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading