মুখ্যপৃষ্ঠা » খবৰ

» অসম

»থানাৰ চৌহদত টায়াৰৰ জুইত অসমীয়া ডেকাক জ্বলাই হত্যা কৰা কংগ্ৰেছীৰ মুখত আইন-শৃংখলাৰ কথা শােভা নাপায়ঃ বিজেপিৰ ৰাজ্যিক মুখপাত্র

থানাৰ চৌহদত টায়াৰৰ জুইত অসমীয়া ডেকাক জ্বলাই হত্যা কৰা কংগ্ৰেছীৰ মুখত আইন-শৃংখলাৰ কথা শােভা নাপায়ঃ বিজেপিৰ ৰাজ্যিক মুখপাত্র

News18 Assam | News18-Assam
Updated:September 14, 2021, 11:30 PM IST
থানাৰ চৌহদত টায়াৰৰ জুইত অসমীয়া ডেকাক জ্বলাই হত্যা কৰা কংগ্ৰেছীৰ মুখত আইন-শৃংখলাৰ কথা শােভা নাপায়ঃ বিজেপিৰ ৰাজ্যিক মুখপাত্র
আইন শৃংখলাক লৈ বাকযুদ্ধ কংগ্ৰেছ-বিজেপিৰ।

আইন শৃংখলাক লৈ বাকযুদ্ধ কংগ্ৰেছ-বিজেপিৰ।

  • News18 Assam
  • Last Updated: September 14, 2021, 11:30 PM IST
  • Share this:

ছয় জনগােষ্ঠীৰ জনজাতিকৰণ আৰু ৰাজ্যৰ আইন–শৃংখলাৰ পৰিস্থিতিক কেন্দ্ৰ কৰি ঘৃণনীয় আৰু নিকৃষ্ট ৰাজনীতি নকৰিবৰ কাৰণে কংগ্ৰেছ দলক ভাৰতীয় জনতা পার্টি অসম প্রদেশে শুনাইছে সতর্কবাণী। ৰাজ্যিক প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত হাত–ভৰি বান্ধি অসমীয়া ডেকাক থানাৰ চৌহদৰ ভিতৰতে টায়াৰ জ্বলাই অগ্নিদগ্ধ কৰি হত্যা কৰা কংগ্ৰেছ দলৰ নেতাৰ মুখত আইন–শৃংখলাৰ কথা শােভা নাপায় বুলি উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই কয়।


উল্লেখযােগ্য যে কেন্দ্রীয় গৃহ বিভাগে সামৰিক বাহিনীৰ বিশেষ ক্ষমতাৰ সময়সীমা পুনৰ বৃদ্ধি কৰিছে। কেন্দ্রীয় গৃহ বিভাগৰ এই সিদ্ধান্তই হেনাে আইন–শৃংখলাৰ অৱনতি হােৱাকে সূচাইছে বুলি কংগ্ৰেছে অভিযোগ কৰিছে। কিন্তু কংগ্ৰেছৰ এনে অভিযােগ অন্তঃসাৰশূন্য আৰু ৰাজনৈতিক উদ্দেশ্যপ্রণােদিত বুলি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই কয়।


 শৰ্মাই কয় যে কংগ্ৰেছৰ দিনতেই অসমত সামৰিক বাহিনীৰ বিশেষ ক্ষমতাৰ আইন প্রয়ােগ কৰা হৈছিল। তৰুণ গগৈৰ পােন্ধৰ বছৰীয়া কার্যকালত এই আইন বলৱৎ আছিল। তেতিয়া কিন্তু কংগ্ৰেছ দলে ভিজা মেকুৰীৰ দৰে এই আইনক সমর্থন কৰিছিল। কেন্দ্ৰত নৰেন্দ্র মােদী নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পিছত দেশত কোনােধৰণৰ সাম্প্রদায়িক সংঘর্ষ, বােমা বিস্ফোৰণ আদিকে ধৰি আইন–শৃংখলা বিঘ্নিত কৰিব পৰা কোনাে ঘটনা সংঘটিত হােৱা নাই।



আইন–শৃংখলা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ এনে সফলতা দেখি হতাশাত ভােগা কংগ্ৰেছ দলে এতিয়া যি মন যায় তাকেই বকিবলৈ আৰম্ভ কৰা বুলি বিজেপিৰ মুখপাত্ৰজনে উল্লেখ কৰে। অসমতাে বিগত সময়ছােৱাত কোনােধৰণৰ সাম্প্রদায়িক তথা গােষ্ঠীসংঘর্ষ আদি সংঘটিত হােৱা নাই। এয়া বিজেপি চৰকাৰৰ সফলতা বুলি উল্লেখ কৰি মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যে ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হােৱাৰ পিছত ড্ৰাগছ মাফিয়া, গৰুৰ চোৰাং কাৰবাৰী, ছিণ্ডিকেটৰ কাণ্ডাৰী, অপৰাধী ডকাইত আদি সকলােকে গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।


বিজেপিৰ মুখপাত্ৰজনে অভিযােগ কৰে যে ছয় জনগােষ্ঠীৰ জনজাতিকৰণক লৈয়াে কংগ্ৰেছ দলে সদায় নিকৃষ্ট ৰাজনীতিক কৰি আহিছে। ছয় জনগােষ্ঠীৰ জনজাতিকৰণক লৈ সাংবাদিকে কৰা এক প্রশ্নৰ উত্তৰত কেন্দ্রীয় জনজাতি উন্নয়ন মন্ত্রী অর্জুন মুণ্ডাই স্পষ্ট ভাষাত কৈছিল-“এই সম্পর্কত জনজাতি উন্নয়ন মন্ত্রালয়ে কৰি থকা গৱেষণা শেষ হােৱাৰ লগে লগে চৰকাৰে এক সঠিক সিদ্ধান্ত ল'ব।”


কেন্দ্রীয় মন্ত্রীৰ এই মন্তব্যৰ আঁত ধৰি কংগ্ৰেছ দলে প্রধানমন্ত্রী নৰেন্দ্র মােদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সম্পূর্ণ ব্যর্থ হােৱা বুলিএক গােকাট মিছা অভিযােগ উত্থাপন কৰিছে। কংগ্ৰেছৰ এনে অভিযােগ সম্পূর্ণৰূপে নস্যাৎ কৰি বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যে আৰম্ভণিৰে পৰা কংগ্ৰেছ দলে অসমৰ জনজাতিসকলৰ জীৱন সম্পত্তিৰ সুৰক্ষা আৰু বিভিন্ন জাতি-জনগােষ্ঠীৰ সাংস্কৃতিক, ৰাজনৈতিক আৰুআর্থিক সুৰক্ষা বিপদাপন্ন কৰি প্ৰবজনকাৰীক তােষামােদ কৰাৰ প্ৰৱণতা ৰাজ্যবাসীয়ে প্রত্যক্ষ কৰি আহিছে।


তেওঁ কয় যে  কংগ্ৰেছৰ এনে অভিযােগৰ কোনাে ৰাজনৈতিক তথা সামাজিক ভিত্তি নাই। বৰঞ্চ কেন্দ্ৰৰ নৰেন্দ্র মােদী চৰকাৰে অতি আন্তৰিকতাৰে কোনাে ধৰণৰ সামাজিক অস্থিৰতা সৃষ্টি নােহােৱাকৈ ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত ক্ষিপ্রতাৰে আগবাঢ়িছে বুলি উল্লেখ কৰি বিজেপিৰ মুখপাত্ৰজনে কয় যে অতি শীঘ্ৰেই ৰাজ্যবাসীয়ে এই বিষয়ত ভাল খবৰ লাভ কৰিব।



তেওঁ উল্লেখ কৰে যে জনজাতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো এক সাংবিধানিক বিধি ব্যৱস্থা। কংগ্ৰেছ চৰকাৰে এইক্ষেত্ৰত কোনােধৰণৰ সাংবিধানিক পদক্ষেপ গ্রহণ কৰা নাছিল, যাৰ ফলত জনজাতিকৰণ প্রক্রিয়া কিছু পৰিমাণে পলম হৈছে। কিন্তু কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ লগে লগে বিষয়টো সম্পর্কত সাংবিধানিক প্রক্রিয়া আৰম্ভ কৰি ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ প্রক্রিয়াত সকলাে পক্ষকে সন্তুষ্ট কৰি তেওঁলােকৰ সহমত লৈ সমাধানৰ পথে অগ্রসৰ হৈছে বুলি বিজেপিৰ মুখপাত্ৰজনে কয়।


উল্লেখযােগ্য যে বিজেপিৰ দল আৰু চৰকাৰে বৰ্তমানৰ জনজাতীয় লােকসকলে ভোগ কৰি থকা ৰাজনৈতিক, আর্থিক, সামাজিক সা-সুবিধাসমূহ বিঘ্নিত নকৰাকৈ ছয় জনগােষ্ঠীৰ জনজাতিকৰণ প্রক্রিয়া আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে বুলি বিজেপিৰ মুখপাত্ৰজনে বিবৃতিত উল্লেখ কৰে।

Published by: Gautam Barman
First published: September 14, 2021, 11:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি