সাংবাদিকৰে হোৱা কথা–বতৰাত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যিমানে যি নকওক, কংগ্ৰেছ দল একৰ পৰা শূন্যলৈ যাব বুলি মন্তব্য কৰে বিজেপিৰ সভাপতি ৰণজিত দাসে।
সাংবাদিকৰে হোৱা কথা–বতৰাত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যিমানে যি নকওক, কংগ্ৰেছ দল একৰ পৰা শূন্যলৈ যাব বুলি মন্তব্য কৰে বিজেপিৰ সভাপতি ৰণজিত দাসে।
তুংগত উঠিছে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ। মধ্য অসমৰ কঠিয়াতলীৰ ৩০নং নামবৰ লালুং আৰু ৩১নং লালুংপাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ইন্দ্ৰ বৰদলৈ আৰু মদন বৰদলৈৰ হৈ সোমবাৰে সন্ধিয়া প্ৰচাৰ অভিযানত অংশ লয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাস, মন্ত্ৰী ছুম ৰংহাং, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামী, নগাঁও জিলা কিষাণ মৰ্চাৰ উপ–সভাপতি উত্তম চন্দ্ৰ দাসকে ধৰি বিজেপিৰ বহু হাই প্ৰফাইল নেতা।
সাংবাদিকৰে হোৱা কথা–বতৰাত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যিমানে যি নকওক, কংগ্ৰেছ দল একৰ পৰা শূন্যলৈ যাব বুলি মন্তব্য কৰে বিজেপিৰ সভাপতি ৰণজিত দাসে। উল্লেখযোগ্য যে তিৱা স্বায়ত্ত পৰিষদৰ আটাইকেইখন আসন বিজেপি দলে দখল কৰিব বুলিও দাবী কৰে সভাপতি ৰণজিত দাসে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|