জে পি নাড্ডাৰ নেতৃত্বত দেশজুৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব গেৰুৱা দল বিজেপি। অসমতো ভৱেশ কলিতাৰ নেতৃত্বতে ১২ তকৈ অধিক আসনৰ বাবে যুঁজত নামিব বশিষ্ঠৰ বাজপেয়ী ভৱন। মঙলবাৰৰ কাৰ্যনিৰ্বাহকত সভাপতি কলিতাৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পাছত মঙলবাৰে মৰিগাঁৱত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বহুকেইখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে।
৪০ খন সাংগঠনিক জিলাৰ সভাপতি, প্ৰভাৰী, সহঃ প্ৰভাৰীৰে প্ৰথমখন বৈঠকৰ পিছত বিষয়ববীয়াৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
মঙলবাৰে মৰিগাঁৱত বিজেপি অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ব। মৰিগাঁৱৰ এই কাৰ্যনিৰ্বাহকত সভাপতি ভৱেশ কলিতাৰ কাৰ্যকাল বৃদ্ধি সন্দৰ্ভত প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আছে। কিয়নো, ২০২১ চনৰ জুনত সভাপতি হিচাপে দায়িত্ব লোৱা কলিতাৰ চলিত বৰ্ষতে কাৰ্যকাল শেষ হ'ব ৷ কিন্তু, যিদৰে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল বৃদ্ধি হ'ল ঠিক একেদৰে ভৱেশ কলিতাৰ নেতৃত্বতে অসমৰ নেতৃত্বও ২০২৪ৰ নিৰ্বাচনত নামিব বিচাৰিছে ৷
উল্লেখ্য যে, ভৱেশ কলিতাৰ নেতৃত্বতে বিজেপিয়ে পৰিষদীয় নিৰ্বাচন, ২০২১ৰ বিধানসভা নিৰ্বাচন, মাজুলীকে ধৰি বহুকেইটা উপনিৰ্বাচন আদিত জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে। সেই অনুসৰি, ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল বৃদ্ধিৰ হোৱাৰ পাছতে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰো কাৰ্যকাল বৃদ্ধি হোৱাৰ সম্ভাৱনা বাঢ়িছে। ভৱেশ কলিতাৰ নেতৃত্বতে বিজেপিয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত আসনৰ সংখ্যা বৃদ্ধি কৰিব বুলি সৰ্বানন্দ সোণোৱালে দাবী কৰে। ৰাজ্যিক নেতৃত্বই সোমবাৰে অনুষ্ঠিত এই বৈঠকত উপস্থিত জিলা সভাপতিসকলক সাংগঠনিক ভেটি সবল কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে। আনহাতে, মৰিগাঁৱৰ কাৰ্যনিৰ্বাহকত আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷
ভৱেশ কলিতাৰ নেতৃত্বতে ২০২৪ৰ লোকসভাৰ নিৰ্বাচন শক্তিশালী সংগঠনৰ মন্ত্ৰেৰে বিজেপি সাজু হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|