বৰ্তমান অসমৰ ৰাইজ বিজেপি লগত থকা বুলিও দাবী ভৱেশ কলিতাৰ।
বৰ্তমান অসমৰ ৰাইজ বিজেপি লগত থকা বুলিও দাবী ভৱেশ কলিতাৰ।
"অহা ২৫ বছৰলৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব। আমি নিৰ্দিষ্ট পৰিকল্পনা কৰিছোঁ। 'কা' আন্দোলন কৰাসকলে কৰি যাব, আমি আমাৰ কাম কৰিম। " -সদৌ অসম ছাত্ৰ সন্থাই পুনৰ 'কা' বিৰোধী আন্দোলন কৰিব বুলি ঘোষণা কৰাৰ পিছতে আজি শিৱসাগৰত এই মন্তব্য কৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।
ৰাজ্যিক সভাপতিগৰাকীয়ে আৰু কয়– ''কা' আন্দোলন কৰি কোনোবাই চাকৰি, কোনোবাই ঠিকা ল'লে। কোনোবাই ৰাজনৈতিক দল খুলিলে। আকৌ 'কা' আন্দোলন কৰি ৰাজহুৱা সম্পত্তি নষ্ট কৰিব পাৰিব, সময় নষ্ট কৰিব পাৰিব, তাৰ বাহিৰে একো কৰিব নোৱাৰে।''
বৰ্তমান অসমৰ ৰাইজ বিজেপি লগত থকা বুলিও দাবী ভৱেশ কলিতাৰ। ইপিনে অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদানৰ ব্যৱস্থা কৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতি ৰাজ্যিক বিজেপিৰ পূৰ্ণ সমৰ্থন থকা বুলি স্পষ্ট কৰি দিয়ে।
উল্লেখযোগ্য যে আজি বিজেপিৰ শিৱসাগৰ জিলা কাৰ্যালয়ত বিজেপিৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। বিজেপিৰ শিৱসাগৰ জিলা সমিতি, যুৱ মৰ্চা, পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত কৰে সভা। সভাত ভৱেশ কলিতাৰ উপৰি শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁই, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, সুভাষ দত্ত উপস্থিত থাকে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|